অসম

assam

জলমগ্ন ডিমা হাছাওৰ বহু অঞ্চল

By

Published : May 27, 2020, 9:57 AM IST

ডিমা হাছাওৰ কলাচান্দত কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত ডুবি গৈছে । আনহাতে, বৰষুণৰ প্ৰভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলনো দেখিবলৈ পোৱা গৈছে ।

জলমগ্ন ডিমা হাছাৰ বহু অঞ্চল
জলমগ্ন ডিমা হাছাৰ বহু অঞ্চল

ডিমা হাছাও, 27 মে': কেউদিশে কৰ'ণা ভাইৰাছ আতংক, আনহাতে অসমত বানেও ধাৰণ কৰিছে সংহাৰী ৰূপ । বিগত কেইবাদিনো ধৰি অসমত দি আছে প্ৰচুৰ বৰষুণ । ইয়াৰ ফলতেই বানৰ কবলত পৰিছে ডিমা হাছাও জিলাৰ কিছু অংশ । বিগত কিছুদিনৰপৰা দি থকা বৰষুণৰ লগতে পাহাৰৰ পৰা বৈ অহা পানীয়ে বহু অঞ্চল বুৰাই পেলোৱাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ।

বৰষুণৰ প্ৰভাৱত উভালিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ

জিলাখনৰ কলাচান্দত কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত ডুবি গৈছে । আনহাতে বৰষুণৰ প্ৰভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলনো দেখিবলৈ পোৱা গৈছে । ইয়াৰ ফলত বন্ধ হৈ পৰিছে উমৰাংচো-দিয়ুংমুখ ৰাষ্ট্ৰীয় ঘাইপথ ।

বন্ধ হৈ পৰিছে উমৰাংচো-দিয়ুংমুখ ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details