অসম

assam

28 টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:54 PM IST

ঘোষণা হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি সবিশেষ জনালে জিলা আয়ুক্তই ৷

NC Hills autonomous council election
dima hasao district commissioner

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

হাফলং, 12 ডিচেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিলে ৰাজ্যৰ নিৰ্বাচন আয়োগে । বুধবাৰ ৰাজ্যৰ নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে তাৎক্ষণিকভাৱে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হল সমগ্ৰ ডিমা হাছাও জিলাত ।

অহা 8 জানুৱাৰী উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ দিন 21 ডিচেম্বৰ । 22 ডিচেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ শেষ দিন । মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ শেষ দিন হৈছে 22 ডিচেম্বৰ । 12 জানুৱাৰী উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা পৰিষদীয় সমষ্টিৰ বাবে ভোট গণনা অনুষ্ঠিত হ’ব ৷

মঙলবাৰে বিয়লি হাফলং জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদমেল পাতি এই কথা সদৰী কৰে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া সীমান্ত কুমাৰ দাসে ।

তেওঁ সংবাদমেলত কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 41 হাজাৰ 124 গৰাকী । মুট ভোট গ্ৰহণ কেন্দ্ৰ 280 টা ৷ ইয়াৰ মাজতে অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 27 টা আৰু স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 100 টা ।’’

তেওঁ সংবাদমেলত সদৰী কৰা মতে নিৰ্বাচনৰ দিনা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত 2 গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব । ইয়াৰ উপৰিও অতি স্পৰ্শকাতৰ আৰু স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ নিয়ম মানি নিৰাপত্তা ব্যৱস্থা কৰা হ’ব আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনৰ আলোচনা চলি আছে ।

জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে কয় যে প্ৰথামিক পৰ্যায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু ৷

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

ABOUT THE AUTHOR

...view details