ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:29 PM IST

Updated : Dec 12, 2023, 9:02 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচনী ৰণডংকা ৷ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিলে ৰাজ্যৰ নিৰ্বাচন আয়োগে ।

State Election Commission issues notification
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচনী ৰণডংকা

হাফলং, 12 ডিচেম্বৰ: 13 সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিলে ৰাজ্যৰ নিৰ্বাচন আয়োগে । 2024 চনৰ 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব । মঙলবাৰে ৰাজ্যৰ নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে।

উল্লেখ্য যে, 2024 চনৰ 19 জানুৱাৰীত বৰ্তমানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত থকা বিজেপিৰ পৰিষদৰ 5 বছৰৰ কাৰ্যকালৰ অন্ত পৰিব। অধিসূচনা জাৰি কৰাৰ পিচতেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি আৰম্ভ হৈছে।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে 21 ডিচেম্বৰ। মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ শেষ দিন হৈছে 22 ডিচেম্বৰ। মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন হৈছে 22 ডিচেম্বৰ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

অনা 8 জানুৱাৰীৰ পুৱা 8 টা বজাৰ পৰা বিয়লি 4 টা বজালৈকে পৰিষদৰ 28 টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। তাৰ পিচত 12 জানুৱাৰীৰ পৰা পুৱা 8 টা বজাৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হব।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ভোটাৰ হৈছে 1 লাখ 41 হাজাৰ 124 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 70 হাজাৰ 485 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 70 হাজাৰ 639 গৰাকী ৷ ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ বাবে 24 গৰাকী বিষয়াক দায়িত্ব দিয়া হৈছে ৷ এই নিৰ্বাচনৰ বাবে 280 টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব ৷ তাৰোপৰি নিৰ্বাচনী প্ৰচাৰত এগৰাকী প্ৰাৰ্থীয়ে 4.25 লাখতকৈ অধিক ধন ব্যয় কৰিব নোৱাৰিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী আহিলে...কামাখ্যা ক’ৰিড’ৰৰ আধাৰশিলা হ’ব; লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব

Last Updated : Dec 12, 2023, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.