ডিমা হাছাও,17 মেঃ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ বদলিত ক্ষোভ প্ৰকাশ প্ৰাক্তন উগ্ৰপন্থী সদস্য দিলীপ নুনিচাৰ । শনিবাৰে ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত বদলি কৰা হয় আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক । ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে ভংগ হোৱা ডিমা হালম দাওগা উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচীভ ৱেলফেয়াৰ চোচাইটিৰ সভাপতি দিলীপ নুনিচা ।
দিলীপ নুনিচাই কয় যে, সন্তোষ হোজাই হত্যাকাণ্ডত অভিযুক্ত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে হাৰেংগাজাও আৰক্ষী চকীত গোচৰ ৰুজু হোৱাৰ পিছতে তেখেতক বদলি কৰাটো কেতিয়াও সমস্যাৰ সমাধান নহয় । চৰকাৰে সন্তোষ হোজাইৰ হত্যাকাণ্ডটো গুৰুত্বসহকাৰে লোৱা নাই । ৰাজ্য চৰকাৰৰ এই আচৰণৰ বাবে পৃথক ডিমাৰাজি ৰাজ্য গঠনৰ বাবে আমি আন্দোলন কৰিছিলো । এতিয়া আকৌ ডিমা হাছাও ৰাইজ আৰু বিভিন্ন দল সংগঠনে পৃথক ডিমাৰাজি ৰাজ্য গঠনৰ দাবীত আন্দোলনত নামি পৰিব বুলি সকিয়াই দিয়ে দিলীপ নুনিচাই ।