অসম

assam

ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত

By

Published : Jul 20, 2021, 10:00 PM IST

ডিব্ৰুগড়ত এগৰাকী মহিলা চিকিৎসকৰ দেহত ধৰা পৰিছে ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্ট (Covid Alpha and Delta Variant) এই দুই ভাইৰাছ (Virus)ৰ অৱস্থিতি ৷ এই দুই ভাইৰাছ (Virus)ত একেলগে আক্ৰান্ত দেশৰ প্ৰথমগৰাকী ৰোগী হিচাপে চিনাক্ত মহিলা চিকিৎসকগৰাকী ৷ মহিলাগৰাকীৰ শৰীৰত ভাইৰাছৰ মৃদু লক্ষণে দেখা দিয়া বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Assam Medical College Hospital)ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই সদৰী কৰে ৷

woman-doctor-infected-in-covid-alpha-and-delta-variant
ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী

ডিব্ৰুগড়, 20 জুলাই : ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্ট (Covid Alpha and Delta Variant) এই দুই ভাইৰাছ (Virus)ত একেলগে আক্ৰান্ত দেশৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে ডিব্ৰুগড় জিলাত ৷ ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত ধৰা পৰিছে এই দুই ভাইৰাছৰ অৱস্থিতি । ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰত পোহৰলৈ আহিছে এই তথ্য । বিশেষজ্ঞসকলে এনেদৰে এজন ৰোগীৰ দেহত দুটা ভেৰিয়েণ্ট একেলগে দেখা দিয়া এইটো দেশৰ প্ৰথমটো ঘটনা বুলি সদৰী কৰিছে ।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Assam Medical College Hospital)ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কয় যে, গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীয়ে মহিলাগৰাকীৰ শৰীৰত একে সময়তে দুটা ভেৰিয়েণ্টৰ অৱস্থিতিৰ কথা নিশ্চিত কৰিছে । অৱশ্যে সম্পূর্ণ প্ৰতিষেধক (Vaccine) গ্ৰহণ কৰা মহিলাগৰাকীৰ শৰীৰত মৃদু লক্ষণহে দেখা দিয়া বুলিও উল্লেখ কৰিছে । এই দুই প্ৰকাৰৰ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত পৃথক পৃথক ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবেই আক্ৰান্ত চিকিৎসকগৰাকীৰ শৰীৰত একেলগে দেখা দিছে দুয়োটা ভেৰিয়েণ্টে ।

ইয়াৰ পূৰ্বে মহিলা চিকিৎসকগৰাকীৰ স্বামীও ইতিমধ্যে ক’ভিডৰ আলফা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে ৷

ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী

চলিত বছৰৰ মাৰ্চ মাহত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা বৃটেইনত সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল । তদুপৰি ব্ৰাজিলতো এনে অনুৰূপ ঘটনা ধৰা পৰিছিল ৷ আনহাতে, ৰাজ্যত কিছু পৰিমাণে হ’লেও ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ডিব্ৰুগড়ৰ এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । ক’ভিডৰ এই আলফা আৰু ডেল্টা ভেৰিয়েণ্ট শীঘ্ৰেই সংক্ৰমণ হোৱা বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :বাহিৰৰ পৰা তেল আনিলে মূল্যবৃদ্ধি হ’বই : অধ্যক্ষৰ অসহায় উত্তৰ

ABOUT THE AUTHOR

...view details