অসম

assam

আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য

By

Published : Jun 14, 2022, 6:32 PM IST

আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য
আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য

নাহৰকটীয়াত সংবাদমেল পাতি সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিলে 'টাইপা'ৰ কেন্দ্ৰীয় সমিতিয়ে ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে আহোম জনগোষ্ঠীক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনজাতিৰ মৰ্যদা যদি প্ৰদান নকৰে তেন্তে এখন সুকীয়া ৰাজ্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

মৰাণ, 14 জুন: আহোমক জনজাতিৰ মৰ্যদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য ৷ নাহৰকটীয়াত সংবাদমেল পাতি সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিলে 'টাইপা'ৰ কেন্দ্ৰীয় সমিতিয়ে ৷ এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে আহোম জনগোষ্ঠীক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনজাতিৰ মৰ্যদা যদি প্ৰদান নকৰে তেন্তে এখন সুকীয়া ৰাজ্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে (TAYPA demands for separate state) ।

আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য

নাহৰকটীয়া চ্যুকাফা ক্ষেত্ৰত সোমবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে চুতীয়া, মটক, মৰাণ, কোচ আৰু আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰিছে । কেৱল আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ পৰা ৰহস্যজনক ভাবে আতৰাই ৰাখিছে বুলি তেওঁ অভিযোগ তোলে ।

তেওঁ লগতে কয় যে টাই-আহোম উন্নয়ন পৰিষদৰ জড়িয়তে আহোম জনগোষ্ঠীৰ লোকসকলক প্ৰেছাৰ কুকাৰ, চিলাই মেছিন, স্প্ৰে মেছিন আদি প্ৰদান কৰিলে আহোম জনগোষ্ঠীৰ উন্নয়ন সাধন কৰা নুবুজায় ৷ তেওঁ অতি শীঘ্ৰ আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰে । যদি আহোমক বাদ দি আন জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে আহোমক সুকীয়া ৰাজ্য প্ৰদান কৰিবলৈ সংবাদমেলৰ জড়িয়তে দাবী জনায় টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সুখবৰ

ABOUT THE AUTHOR

...view details