অসম

assam

Nimatighat tragedy : পুনৰাবৃত্তি হ’ব নেকি নিমাতীঘাট ট্ৰেজেডিৰ ?

By

Published : Jan 29, 2023, 2:10 PM IST

সমগ্র ৰাজ্যকে কঁপাই যোৱা নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটাৰ শংকা (Tragic ferry accident at Nimatighat)। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নীতি-নিৰ্দেশনা অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে নিমাতীঘাটত (Department of Inland Water Transport) ৷ এক দৃশ্যই প্ৰায় এবছৰ আগৰ দুৰ্ঘটনাটোৰ সংশয়, সম্ভাৱনা গাঢ় কৰি তুলিছে (Majuli boat tragedy) ৷ ঘটনাৰ সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন. . .

Ignoring the guidelines of the Inland Water Transport Department at Nimatighat
পুনৰাবৃত্তি হ’ব নেকি নিমাতীঘাট ট্ৰেজেডিৰ

পুনৰাবৃত্তি হ’ব নেকি নিমাতীঘাট ট্ৰেজেডিৰ

মাজুলী, 29 জানুৱাৰী :নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য (Tragic ferry accident at Nimatighat)। নিমাতী ফেৰী দুৰ্ঘটনাৰ পাচতে ফেৰী ঘাট সমূহত যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত আমূল পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সমূহত পাৰাপাৰ হ’বলৈ অন লাইন টিকটৰ ব্যৱস্থা কৰা হৈছিল আৰু ফেৰীত উঠাৰ আগতে যাত্রী সকলে এই টিকট স্কেন কৰি হে ফেৰীত উঠিব পাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছিল চৰকাৰে (Majuli boat tragedy) ।

কিন্তু প্ৰায় এবছৰ হৈ যোৱাৰ পিচতে যেন পাহৰি পেলোৱা হ’ল সকলো কথা ৷ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হ’ল যাত্ৰীৰ সুৰক্ষাৰ দিশটোত ৷ চৰকাৰ তথা প্ৰশাসনৰ সকলো নীতি নিয়ম ওফৰাই ফেৰী ঘাটত পুনৰ আৰম্ভ হৈছে ছিণ্ডিকেট । মাজুলী অফলামুখ ঘাটত প্রায় তিনি চাৰি মাহৰ পৰা বন্ধ হৈ পৰিছে টিকট স্কেন কৰাৰ নিয়ম । যাৰ বাবে এটা টিকটত দুই তিনিজন যাত্ৰী ফেৰীত উঠা পৰিলক্ষিত হৈছে ৷

আনকি অত্যধিক যাত্ৰী তুলি ফেৰীৰ ভিতৰত যাত্ৰীৰ পৰা পইচা তোলাৰ exclusive video ও বন্দী হৈছে ETV Bharat ৰ কেমেৰাত । কেৱল এয়াই নহয় টিকটত নিৰ্ধাৰিত মূল্যতকৈ অধিক পইচা সংগ্ৰহৰ কথাও পোহৰলৈ আহিছে যাত্ৰীৰ পৰা । আনফালে সমগ্ৰ ঘটনাকে গাপ দিবলৈ বিচাৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিষয়-ববীয়াই ৷ বিভাগৰ ভাষ্য ‘‘ফেৰীৰ ভিতৰত নিয়ম নাই পইচা তোলা বা টিকট চোৱাৰ’’ ।

আটাইবোৰ কথা স্পষ্ট হৈ থকাৰ পিচতো চকু মুদা কুলিৰ ভাও জোৰা পৰিলক্ষিত হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লগতে জিলা প্ৰশাসনে ৷ যি কথা পোহৰলৈ অহাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত । ইফালে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা মাজুলী জিলা সমিতিয়ে ।

সদৌ অসম ছাত্র সন্থাৰ মাজুলী জিলা সমিতিৰ সভাপতি অজিত হাজৰিকাই অতি সোনকালে সমগ্ৰ বিষয়টো চৰকাৰ, জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগে চালি জাৰি চাই গুৰুতৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে কঠোৰ প্ৰদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় (Department of Inland Water Transport)। একেদৰে যাত্ৰী সকললৈও নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিহে ফেৰীত যাত্ৰা কৰিবলৈ আহবান জনাইছে সদৌ অসম ছাত্র সন্থাৰ মাজুলী জিলাৰ বিষয়-ববীয়াই ।

লগতে পঢ়ক :Raid in Club: গুৰুগ্ৰামত 288 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

ABOUT THE AUTHOR

...view details