অসম

assam

নাৰীৰ সুৰক্ষাহীনতা : ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

By

Published : Aug 18, 2019, 9:37 PM IST

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় জিলাত সংঘটিত হৈছে ইটোৰ পিছত সিটো নাৰীজনিত অপৰাধ ৷ ইয়াকে কেন্দ্ৰ কৰি প্ৰতিবাদত লিপ্ত হৈছে বিৰোধীসকল ৷

মুখ্যমন্ত্ৰীৰ নিজ গৃহ জিলাতেই অসুৰক্ষিত নাৰী !


ডিব্ৰুগড়,18 আগষ্টঃডিব্ৰুগড় চহৰত ইটোৰ পিচত সিটো ধৰ্ষণৰ ঘটনাই উদঙাইছে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত নাৰীৰ নিৰাপত্তাহীনতাৰ কথা ৷ এসপ্তাহ পূৰ্বে নিশা বলপূৰ্বক ভাৱে ঘৰৰ ভিতৰত সোমাই ডিব্ৰুগড়ত এগৰাকী 3 সন্তানৰ মাতৃক ধৰ্ষণ কৰাৰ দৰে জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাঁওতেই শনিবাৰে পুনৰ ডিব্ৰুগড়ৰ বৰবৰুৱাত যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি নলাত পেলাই যোৱাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে ৷

মুখ্যমন্ত্ৰীৰ নিজ গৃহ জিলাতেই অসুৰক্ষিত নাৰী !

ইয়াতে ক্ষোভিত হৈ অৱশেষত প্ৰতিবাদত নামিছে একাংশ কংগ্ৰেছ কৰ্মী ৷ জিলা সভাপতি এটোৱা মুণ্ডা সহ বহুকেইজন কংগ্ৰেছ নেতাই সাব্যস্ত কৰে প্ৰতিবাদ । নাৰীৰ নিৰাপত্তাহীনতাক লৈ উদ্বিগ্ন বিৰোধীসকলে ৰাজপথতে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকা ৷

Intro::এইখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়।তাতে আকৌ ৰাজ্য চৰকাৰৰ গৃহ বিভাগটোও মুখ্যমন্ত্ৰীয়ে নিজৰ হাততেই ৰাখিছে।কিন্তু মহিলাৰ নিৰাপত্তা, আই মাতৃ বুলি সঘনাই উচ্চাৰণ কৰি থকা মুখ্যমন্ত্ৰীৰ নিজৰ গৃহ জিলাখনতেই এতিয়া নিৰাপদ নহয় নাৰী।ডিব্ৰুগড়ত ইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনাই উদঙাইছে নাৰীৰ নিৰাপত্তা কিমান মুখ্যমন্ত্ৰীৰ গৃহ জিলাত।এই সপ্তাহৰে দেওবাৰে নিশা বলপূৰ্বক ভাৱে গৃহৰ ভিতৰত সোমাই ডিব্ৰুগড়ত এগৰাকী 3 সন্তানৰ মাতৃক বলৎকাৰ কৰাৰ দৰে জঘন্য কাণ্ডৰ চিৎকাৰ ম্লান নপৰোতেই আকৌ শণিবাৰে ডিব্ৰুগড়ৰ বৰবৰুৱাত যুৱতীক দলবদ্ধ ধৰ্ষণৰ পাছত হত্যা কৰি নলাত পেলাই যোৱা বৰ্বৰ ঘটনা।অৱশেষত প্ৰতিবাদত নামিবলৈ বাধ্য বিৰুধী।জিলা সভাপতি এটোৱা মুণ্ডা সহ ভালেমান কংগ্ৰেছী ওলাই আহিল ডিব্ৰুগড়ৰ ৰাজপথত।ক্ষোভত ফাটি পৰা কংগ্ৰেছী নাৰীৰ নিৰাপত্তাহীনতাক লৈ উদ্বিগ্ন, তীব্ৰ প্ৰতিবাদ।মুখ্যমন্ত্ৰীক আক্ৰামণ।জ্বলাই দিলে ৰাজপথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা।

Byte:এটোৱা মুণ্ডা
Byte:congress activists

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Etv bharat AssamBody:DoConclusion:Do

ABOUT THE AUTHOR

...view details