অসম

assam

New voter List Rule: নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশাৱলীৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ উপায়ুক্তৰ সংবাদমেল

By

Published : Aug 1, 2022, 3:34 PM IST

নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশাৱলীৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ উপায়ুক্তৰ সংবাদমেল
নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশাৱলীৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ উপায়ুক্তৰ সংবাদমেল ()

ভোটাৰৰ বাবে নতুন নিয়ম ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে ৷ নতুন নিয়ম সন্দৰ্ভত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল(Press meet by deputy commissioner of Dibrugarh) ৷

ডিব্ৰুগড়, 1 আগষ্ট:ভোটাৰৰ বাবে নতুন নিয়ম ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে । ডিব্ৰুগড় জিলাৰ ৰাইজে কেনেধৰণেৰে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া নতুন(New rule by election commission) নিয়ম পালন কৰিব লাগিব সেয়া জনোৱাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে(Press meet by deputy commissioner of Dibrugarh)।

ডিব্ৰুগড়ৰ নিৰ্বাচনী বিষয়া হৃষীকেশ বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত জিলা উপায়ুক্তগৰাকীয়ে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন কাৰ্যাৱলী, ভোটাৰ যোগ্যতা অৰ্জনৰ তাৰিখ, আধাৰ সংযোগ, নতুন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ বিষয়েও ৰাইজক অৱগত কৰে।

ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ সংবাদমেল

লগতে, জিলাখনত চলি থকা নিৰ্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া,পৰ্যৱেক্ষক, বুথ পৰ্যায়ৰ বিষয়াসকলৰ বৰ্তমান চলি থকা প্ৰশিক্ষণ আৰু পূৰ্ব সংশোধন কাৰ্যাৱলীৰ পৰিৱৰ্তন সন্দৰ্ভত সংবাদমেলত উল্লেখ কৰে উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাত জিলাখনৰ কোনো ব্যক্তিৰ যাতে সমস্যা নহয় তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো বিশেষভাৱে পৰ্য্যবেক্ষণ কৰা হ'ব বুলিও কয় উপায়ুক্তগৰাকীয়ে (Dibrugarh DC Biswajit Pegu)।

লগতে পঢ়ক:Sanjay Raut Arrested by ED: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

ABOUT THE AUTHOR

...view details