অসম

assam

আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

By

Published : Sep 25, 2022, 7:08 AM IST

Updated : Sep 25, 2022, 7:44 AM IST

People celebrates Mahalaya at Moran
আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ ৷ মহালয়াৰ পুৱাই মৰাণৰ ৰাজপথ হৈ পৰিল লোকে লোকাৰণ্য ৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষ্যে পুৱাই ৰাজপথলৈ ওলাই আহিছে মৰাণৰ ৰাইজ (People celebrates Mahalaya at Moran) ৷

মৰাণ, 25 ছেপ্টেম্বৰ: আজি পবিত্ৰ মহালয়া ৷ আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় ৷

সনাতন ধৰ্ম অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ অন্তিমটো আমাৱস্যাকে মহালয়া বুলি কোৱা হয় । সংস্কৃতত মহালয়া শব্দৰ অৰ্থ হৈছে উৎসৱৰ আৰম্ভণি । দুৰ্গা পূজাত মহালয়াৰ এটা বিশেষ মহত্ত্ব আছে, কিয়নো আজি এই দিনটোতে দেৱী দুর্গাৰ মূৰ্তিক চকু দান কৰা হয় অৰ্থাৎ মূৰ্তিনিৰ্মাণকাৰীৰ দ্বাৰা দেৱী দুর্গাৰ মূৰ্তিত চকু অংকন কৰাৰ লগতে দেৱী দুর্গাৰ পূজা কৰা হয় ।

মহালয়াৰ দিনা কাহিলী পুৱাই চণ্ডীপাঠ কৰাৰো এক নিয়ম আছে। মহালয়াৰ দিনাৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভ হয় । চাৰিওফালে প্ৰকৃতিয়েও ন সাজেৰে দেৱী দুৰ্গাক আদৰণি জনায় । মহালয়াৰ পৰাই এক কথাত পূজাৰ আৰম্ভ হয় ৷ মহালয়াৰ পুৱাৰ পবিত্ৰ বা-জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে । সেয়ে আজিৰ এই বিশেষ পুৱা সকলো ওলাই আহি মলয়াৰ সুবাস লয় ।

আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

মহালয়াৰ পুৱাই মৰাণৰ ৰাজপথ হৈ পৰিল লোকে লোকাৰণ্য ৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়া অনুষ্ঠিত কৰিবলৈ ওলাই আহিছে মৰাণৰ ৰাইজ ৷ কোনোবাই যদি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অঞ্জলি তৰ্পণ কৰিছে, আন কোনোৱে আকৌ পৰিয়ালৰ সৈতে মহালয়াৰ আনন্দ উপভোগ কৰিবলৈ ওলাই আহিছে ৷

মুঠতে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ । উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে মহালয়াৰ ব্যস্ততা ৷ ঢাকৰ শব্দই ৰজনজনাইছে চৌদিশ ৷ হিন্দু ধর্ম অনুসৰি মহালয়াৰ দিনটোতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্ৰত কৰে ।

লগতে পঢ়ক:কাইলৈ মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

Last Updated :Sep 25, 2022, 7:44 AM IST

ABOUT THE AUTHOR

...view details