অসম

assam

হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:56 AM IST

Satra Mukti Sangram Samiti Protest : অৱশেষত গা-লৰিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতিৰ সন্দৰ্ভত তদন্তৰ বাবে কৰা প্ৰতিবাদলৈ সঁহাৰি অইলৰ ৷ শীঘ্ৰে আলোচনাত বহিবলৈ সাজু আইল কৰ্তৃপক্ষ ৷

oil india authorities to talks with satra mukti sangram samiti
হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

ডিব্ৰুগড়, 10 জানুৱাৰী :গণতান্ত্ৰিক আন্দোলনৰ ওচৰত হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ মান্তি হ’ল অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ ৷ উল্লেখ্য যে, 2023 ৰ 20 অক্টোবৰত 187 টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্ন দল সংগঠনে ৷

ধাৰাবাহিকভাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে ৷ কিন্তু বিসংগতিপূৰ্ণ পৰীক্ষা সম্পৰ্কত অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দুলীয়াজান অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

তৈল প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তিয়ে ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ লগতে বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছিল ৷ আনকি অইল ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱকাৰ্ছ ইউনিয়নেও সমৰ্থন আগবঢ়াইছিল ৷ ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ টেঙাখাত, চাবুৱা, দেওশাল আৰু ডিকম আদি তৈলক্ষেত্ৰ এলেকাত অনিৰ্দিষ্টকালীন অইল বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ছাত্ৰ মুক্তিকে ধৰি কেইবাটাও দল-সংগঠনে ৷

অৱশেষত গা-লৰিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ মঙলবাৰে অইলৰ জন পৰিক্ৰমা বিভাগৰ প্ৰতিনিধি অনশনস্থলীত উপস্থিত হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু অহা 18 জানুৱাৰীত আলোচনাৰ প্ৰস্তাৱ দিয়ে ৷ অইলৰ প্ৰস্তাৱ মানি লোৱাত ছাত্ৰ মুক্তিয়ে তেওঁলোকৰ 5 দিনীয়া অনশন কাৰ্যসূচী মঙলবাৰে সামৰণি মাৰে ৷

দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰে অনশনকাৰীসকলক ফলৰ ৰস খুৱাই অনশন ভংগ কৰে ৷ যদিহে আলোচনাত কোনো ধৰণৰ কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ তদন্ত আগবঢ়োৱাত অইল ইণ্ডিয়াই গুৰুত্ব প্ৰদান নকৰিলে পুনৰ আন্দোলনৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ৷

লগতে পঢ়ক :ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে ঐতিহ্যমণ্ডিত হৰেঘাট দলং

ABOUT THE AUTHOR

...view details