অসম

assam

সোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ 2021ৰ শুভাৰম্ভণি

By

Published : Sep 3, 2021, 12:38 PM IST

A_Moran_801to803_National Pushan mah inaugurated by MP Tapan Kumar Gogoi at Sonari_As10031
সোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ 2021ৰ শুভাৰম্ভণি

সমগ্ৰ দেশৰ সমান্তৰালকৈ সোণাৰিতো ‘ৰাষ্ট্ৰীয় পোষণ মাহ 2021’ আৰু ‘মাত্ৰু বন্দনা সপ্তাহ’ৰ শুভাৰম্ভণি কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷

মৰাণ, 3 ছেপ্তেম্বৰ : দেশজুৰি আৰম্ভ হোৱা ‘ৰাষ্ট্ৰীয় পোষণ মাহ 2021’ আৰু ‘মাত্ৰু বন্দনা সপ্তাহ’ৰ বুধবাৰে শুভাৰম্ভণি কৰা হয় সোণাৰিত ৷ এই কাৰ্যসূচী শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷ এই উপলক্ষে জিলা উপায়ুক্তৰ সভাগৃহত ভাৰপ্ৰাপ্ত উপায়ুক্ত জাবেদ আৰমানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

সোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ 2021ৰ শুভাৰম্ভণি

সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈয়ে মাত্ৰু বন্দনা সপ্তাহত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে । সভাত ভাষণৰ প্ৰসংগত তপন গগৈয়ে কয়, "ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্ৰণালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আৰু পোষণ অভিযান বিশেষভাৱে উল্লেখযোগ্য । পোষণ অভিযানৰ অধীনত প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰি আহিছে । ইয়াৰ জৰিয়তে আঁচনিখনৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব পৰা যাব ।"

ইয়াৰ উপৰিও পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই ‘পোষণ মাহ 2021’ত ৰূপায়ণ কৰিবলগীয়া কাৰ্যক্ৰমণিকাসমূহৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে । সভাত উপস্থিত থকা জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ অমৃত শইকীয়াই শিশু তথা মহিলাৰ পৰিপুষ্টিৰ ওপৰত এক বহুমূলীয়া বক্তব্য প্ৰদান কৰে ।

সোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ 2021ৰ শুভাৰম্ভণি

সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিজৰা দেৱী, চক্ৰ বিষয়া(সংলগ্ন) ৰাচিকা শ্যাম আৰু ভাৰতী বৰা, সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া পূৰবী নেওগ, জিলা পৰিষদৰ সদস্য ক্ৰমে পূৰৱী দুৱৰা গগৈ, ৰাজ নায়ক আৰু জিণু কোঁৱৰ, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকাবৃন্দ, স্বাস্থ্য বিভাগ, কৃষি বিভাগ আৰু পশুপালন বিভাগৰ বিষয়া, পতঞ্জলী যোগ সমিতিৰ বিষয়ববীয়া, পোষণ অভিযানৰ কৰ্মচাৰী সমন্বিতে কেইবাটাও বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

লগতে পঢ়ক :শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

ABOUT THE AUTHOR

...view details