অসম

assam

CM Relief Fund: মৰাণত ৩১২ গৰাকীক মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ

By

Published : Jan 24, 2023, 11:11 AM IST

মৰাণত মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ বিধায়ক চক্ৰধৰ গগৈৰ (MLA Chakradhar Gogoi) । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৩১২ গৰাকী পুৰুষ-মহিলাক চেক প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতেই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক কাৰিকৰী শিক্ষাৰ বাবে আগবঢ়োৱা হয় সাহাৰ্য ।

Distribution of cheques of CM Relief Fund
মৰাণত মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ

মৰাণত মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ

মৰাণ, ২৪ জানুৱাৰী:ডিব্ৰুগড় জিলাৰ মৰাণত সোমবাৰে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ কৰা হয় (Distribution of cheques of CM Relief Fund)। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মৰাণৰ ৩১২ গৰাকী লোকক এই সাহাৰ্য বিতৰণ কৰে স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত এইসকল পুৰুষ- মহিলাক চেক প্ৰদান কৰে বিধায়কগৰাকীয়ে (CM Relief Fund cheques distributed in Moran)।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰোগাক্ৰান্ত ব্যক্তিসকলক কিছু পৰিমানে সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (Chief Minister Dr Himanta Biswa Sarma)। ইয়াৰ অংশৰূপে ৰাজ্য়খনৰ সকলো জিলাতেই স্থানীয় জনপ্ৰতিনিধিৰ জড়িয়তে এই সাহাৰ্য প্ৰদান কৰি আহিছে । মৰাণতো এই অভিযানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী সাহাৰ্য প্ৰদানৰ অনুষ্ঠান । মৰাণ সমষ্টিৰ অন্তৰ্গত গাঁওসমূহৰ বিভিন্ন ৰোগত আক্ৰান্তসকলক অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ দ্বাৰা চিকিৎসাৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ এককালীন আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় ।

এই সভাতে ছাত্ৰ-ছাত্ৰী সকলৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi distributed cheques in Moran)। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যাতে অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে আগবাঢ়ি যাব পাৰে তাৰ বাবে এই সাহাৰ্য আগবঢ়োৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । বিধায়কগৰাকীয়ে কয় যে এনে দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ।

এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, "মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সাহাৰ্য পুঁজিৰ পৰা মৰাণ সমষ্টিৰ ৰোগাক্ৰান্ত ৰাইজলৈ যি সাহাৰ্য প্ৰদান কৰিলে তাক বিতৰণ কৰিবলৈ পাই আনন্দিত হৈছো । এই সাহাৰ্য লাভ কৰি ৰাইজ উপকৃত হ'ব ।" এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত সহযোগীতা কৰা মৰাণ সমষ্টিৰ মণ্ডল সভাপতিৰ পৰা পঞ্চায়ত প্ৰতিনিধিৰ লগতে মৰ্চাৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জনাই বিধায়ক চক্ৰধৰ গগৈয়ে । উল্লেখযোগ্য যে মৰাণ সমষ্টিত ইতিমধ্য বহু ৰোগাক্ৰান্ত ৰাইজে আবেদন কৰি মুখ্যমন্ত্ৰীৰ পৰা চিকিৎসাৰ বাবে সাহাৰ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Goat Thieves arrested in Guwahati: মন্দিৰৰ ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত দুই ছাগলী চোৰ

ABOUT THE AUTHOR

...view details