ETV Bharat / state

Goat Thieves arrested in Guwahati: মন্দিৰৰ ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত দুই ছাগলী চোৰ

author img

By

Published : Jan 23, 2023, 10:59 PM IST

ৰাইজৰ ৰোষত দুই ছাগলী চোৰ‌ ৷ মন্দিৰৰ ছাগলী চুৰি কৰিবলৈ আহিছিল চোৰ দুটাই ৷ তাৰ পিছতেই ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক (Goat Thieves arrested in Guwahati) ৷ বশিষ্ঠ দেৱালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷

Thieves arrested for stealing goat from Basistha Temple in Guwahati
ৰাইজৰ ৰোষত দুই ছাগলী চোৰ‌

ৰাইজৰ ৰোষত দুই ছাগলী চোৰ‌

গুৱাহাটী, ২৩ জানুৱাৰী: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Assam) ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে বৃদ্ধি পাইছে চুৰি ডকাইতিকে আদি কৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ এইসকল অপৰাধীৰ বিৰুদ্ধে আৰক্ষী যিমানেই সষ্টম হৈছে সিমানেই নিতৌ নতুন কৌশল অৱলম্বন কৰি চলাই গৈছে অপৰাধজনিত ঘটনা ৷ এইক্ষেত্ৰত ক’ব লাগিব যে আৰক্ষীৰ লগতে অপৰাধৰ বিৰুদ্ধে বহু পৰিমাণে সজাগ হৈছে সাধাৰণ জনতাও ৷ কাৰণে শেহতীয়াকৈ দুই গভাইত চোৰক ৰাইজে হাতে-লোটে আটক কৰি গতাই দিয়ে আৰক্ষীক ৷

‘‘চোৰ বিদ্যা উত্তম বিদ্যা ৷ ধৰা পৰিলেহে হয় শিলত খুন্দা ৷’’ এই কথাই যেন প্ৰমাণিত হ’ল দুই ছাগলী চোৰৰ ক্ষেত্ৰতো ৷ মন্দিৰৰ ছাগলী চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুই ছাগলী চোৰ‌ (Thieves arrested for stealing goat from Basistha Temple) । আৰক্ষীৰ সন্মুখতেই চোৰ দুটাক উত্তম মধ্যম সোধালে একাংশ উত্তেজিত লোকে । এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠ দেৱালয়ৰ সমীপত (Goat Thieves arrested in Guwahati)।

ঘটনাৰ বিৱৰণী মতে বশিষ্ঠ মন্দিৰ পহৰা চকীৰ সন্মুখৰ পৰা দুই ছাগলী চোৰে সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত ছাগলী চোৰ কৰিবলৈ আহিছিল ৷ কোনো ভক্তই বশিষ্ঠ মন্দিৰত সমৰ্পন কৰা ছাগলী এটাৰ ওপৰত নজৰ আছিল দুই ছাগলী চোৰৰ ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷

কিন্তু ছাগলীটো লৈ এখন ব্লু ডাৰ্টৰ বাহনত উঠাই পলাবলৈ লওঁতেই লাগিল কেনা । পলাবলৈ লওঁতেই একাংশ ৰাইজে প্ৰত্যক্ষ কৰে চোৰটোক ৷ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ তাৰ পিছত ৰাইজে হাতে-লোটে কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই চোৰ দুটাক ৷ আৰক্ষীৰ সন্মুখতে উত্তম মধ্যম সোধাই ৰাইজে চোৰ দুটাক দিয়ে গতাই বশিষ্ঠ আৰক্ষীক ।

চোৰ দুটাৰ নাম পল্লব বৰদলৈ আৰু বিশ্বজিৎ ডেকা বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও অঞ্চলটোৰ ছাগলী পালকৰ বা অন্য লোকৰ বহু ছাগলী বিগত কেইটা দিনত চুৰি হৈ আহিছে ।

এই সন্দৰ্ভত চোৰক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীক আজি ৰাইজে জবাবদিহি কৰাৰ লগতে ছাগলী চোৰ কেইটাক এৰি দিলে ৰাইজে মানি নলয় বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । ইফালে মন্দিৰ চৌহদত এখন পহৰা চকী থকাৰ পিছত এইদৰে অঞ্চলটোত ছাগলী, বাইক আদি চুৰি হৈ থকা ঘটনাত ৰাইজে আৰক্ষীৰ বিফলতাক চোকা সমালোচনা কৰে ।

লগতে পঢ়ক: Jewelry theft incident: গহনা কিনিবলৈ আহি সোণৰ ফুলি লৈ উধাও মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.