অসম

assam

TAYPA Sukafa Award: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক চ্যুকাফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান

By

Published : Dec 2, 2022, 10:22 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমালৈ চ্যুকাফা বৰ অসম সমন্বয় বঁ‌টা ৷ টাই আহোম যুৱ পৰিষদ অসমে আজি মৰাণত প্ৰদান কৰে এই বঁটা(Meghalaya CM Conrad K Sangma) ৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হৈ এম ডি চি অৱ খাচি হিলচ অট'নমাচ ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ বাজব পাইংৰপে গ্ৰহণ কৰে এই বঁটা ৷

meghalaya-cm-conrad-k-sangma-conferred-with-sukapha-bor-asom-samannay-bota
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক চ্যুকাফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান

ডিব্ৰুগড়, ২ ডিচেম্বৰ:অসম-মেঘালয়ৰ মাজত সীমা বিবাদক(Assam Arunachal Border issue) লৈ বিতৰ্ক চলি থকা সময়তে শুকুৰবাৰে মৰাণত টাই আহোম যুৱ পৰিষদে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক(Meghalaya CM Conrad K Sangma) চ্যুকাফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান কৰে(Meghalaya CM Conrad K Sangma) । অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ বঁ‌টাটো গ্ৰহণ কৰে এম ডি চি অৱ খাচি হিলচ অট'নমাচ ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ বাজব পাইংৰপে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক চ্যুকাফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান

বৰ অসম সমন্বয় বঁ‌টা গ্ৰহণ কৰি মেঘালয়ৰ প্ৰতিনিধিজনে অসম আৰু মেঘালয়ৰ মাজত অলপতে ঘটা ঘটনাটো অনাকাংক্ষিত আৰু দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰাৰ লগতে অনাগত দিনত দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্ব আৰু ভাতৃত্ববোধ বৰ্তি থাকিব বুলি আশা ব্যক্ত কৰে । তেওঁ লগতে মৰাণবাসীৰ আদৰক প্ৰশংসা কৰে ।

উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চ্যুকাফা দিৱস । তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ প্ৰথম দিনা জনগোষ্ঠীয় খাদ্য আৰু বাণিজ্য মেলাৰে কাৰ্যসূচী আৰম্ভ হয় ।

আজি দুপৰীয়া মৰাণৰ গড়কাপ্তানী বিভাগ পৰিদৰ্শন ভৱনৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । সভাস্থলীত অন্ত পৰা এই শুভাযাত্ৰাত কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ লগতে মুকলি সভা অনুষ্ঠিত হয় । নিশা অসমৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

উল্লেখ্য, প্ৰতিবছৰে ২ ডিচেম্বৰত চৰকাৰীভাৱে ছ্যুকাফা দিৱসক অসম দিৱস হিচাবে পালন কৰি অহা হৈছে । ২ ডিচেম্বৰত অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত অসম দিৱসৰ আয়োজন কৰা হয় । ১৯৯৬ চনৰ পৰা এই দিৱস আহোম স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিত পালন কৰি অহা হৈছে । ১২২৮ খ্ৰীষ্টাবদত অসমত স্থাপন হোৱা আহোমৰাজৰ প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেউ ছ্যুকাফা । চাওলুং ছ্যুকাফাই বৰ অসমৰ ভেটি গঢ়া বুলি কোৱা হয় । প্ৰায় ছশ বছৰ ধৰি অসমত আহোম ৰাজত্ব চলিছিল ।

লগতে পঢ়ক :CM Himanta Biswa Sarma : কামাখ্যা মন্দিৰলৈ নতুন পথৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details