অসম

assam

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত AAPৰ বিশাল যোগদান কাৰ্যসূচী

By

Published : May 22, 2022, 8:38 PM IST

উজনিত AAP ৰ শক্তি পদৰ্শন । এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত অনুষ্ঠিত AAPৰ বিশাল যোগদান কাৰ্যসূচী(AAP joining programme at Dibrugarh) । প্ৰায় ৫ সহস্ৰাধিক লোকে যোগদান কৰে আম আদমী পাৰ্টীত ।

five thousands of people joined in aap in dibrugarh
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলাত AAPৰ বিশাল যোগদান কাৰ্যসূচী

মৰাণ,২২ মে':প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত আপৰ বিশাল যোগদান কাৰ্যসূচী । যুৱনেতা মনোজ ধানোৱাৰৰ সবল নেতৃত্বত দেওবাৰে লাহোৱালৰ মটক খেলপথাৰত পাঁচ সহস্ৰাধিক লোকে AAPত যোগদান কৰে(AAP joining programme at Dibrugarh) । শাসকীয় দল বিজেপিকে ধৰি কংগ্ৰেছ, এজেপি আদি ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে যোগদান কৰে আপত ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি আপত যোগদান কৰা মনোজ ধানোৱাৰৰ নেতৃত্বত ডিব্ৰুগড়ত ক্ৰমে শক্তিশালী হৈছে AAP । ইতিমধ্যে ডিব্ৰুগড় জিলাৰ প্ৰতিটো অঞ্চলতে নিজৰ সংগঠন সক্ৰিয় কৰা চেষ্টা চলাইছে মনোজ ধানোৱাৰে । AAPৰ ৰাজ্যিক তত্বাবধায়ক ৰাজেশ শৰ্মা, যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবেৰ লগতে মহিলা মৰ্চাৰ যুটীয়া সমন্বয়ক অনামিকা দাস আদিকে ধৰি ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ উপস্থিতিত দেওবাৰে পাঁচ হাজাৰ নাগৰিকে AAPত যোগদান কৰে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলাত AAPৰ বিশাল যোগদান কাৰ্যসূচী

লাহোৱালৰ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি মাধূৰ্য চাংমাই, জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মিৰাজ খান,অসম জাতীয় পৰিষদৰ জিলাৰ সাংগঠনিক সম্পাদক পবিত্ৰ বৰুৱাকে ধৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনে দেওবাৰে আনুষ্ঠানিকভাৱে AAPত যোগদান কৰে । ইয়াৰ দ্বাৰা আপৰ শক্তি ডিব্ৰুগড়ত আপৰ শক্তি যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:তিনি সপ্তাহৰ অন্তত উন্নত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details