অসম

assam

Vineet Bagaria suicide case: বৈদুল্লাৰ পৰিয়ালৰ বিৰুদ্ধে হঠাৎ তৎপৰ ডিব্ৰুগড় আৰক্ষী

By

Published : Jul 16, 2022, 5:07 PM IST

শেহতীয়াকৈ বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ(Vineet Bagaria suicide case) লগত নাম সাঙোৰ খোৱা বৈদুল্লা খানৰ পৰিয়ালৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (Dibrugarh SP Shwetank Mishra) ৷ বৈদুল্লা খানৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে হঠাৎ তৎপৰ হৈ পৰা দেখা গৈছে ডিব্ৰুগড় আৰক্ষী ৷

Vineet Bagaria suicide case
বৈদুল্লাৰ পৰিয়ালৰ বিৰুদ্ধে হঠাৎ তৎপৰ ডিব্ৰুগড় আৰক্ষী

ডিব্ৰুগড়, 16 জুলাই: কেঁচু খান্দোতেই ওলাইছে সাপ । পশুপ্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাত(Vineet Bagaria suicide case) নাম সাঙোৰ খোৱা অভিযুক্ত বৈদুল্লা খানৰ(Accused of Vineet Bagaria suicide) ভগ্নী চায়েৰা বেগমক গ্ৰেপ্তাৰ আৰক্ষীৰ । অসহায় লোকক সুদত ধন দি পিছত সুদৰ ধন আদায় কৰিবলৈ কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত বৈদুল্লাৰ ভগ্নী চায়েৰাক ।

বৈদুল্লাৰ পৰিয়ালৰ বিৰুদ্ধে হঠাৎ তৎপৰ ডিব্ৰুগড় আৰক্ষী

ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ বাসগৃহৰ পৰা আজি পুৱাই আটক কৰি সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে সুদখোৰ ভগ্নী চায়েৰাক । অভিযোগ অনুসৰি সুদত টকা দি বৈদুল্লা খান, ভাতৃ চামচুল্লা খান, ভগ্নী চায়েৰা বেগম আৰু পিতৃ আব্দুল্লা খানে ভয়-ভাবুকি আৰু মাৰপিট কৰি আদায় কৰি আহিছিল সুদৰ টকা । ডিব্ৰুগড়ৰ মিনু বেগম আৰু কমৰুদ্দিন আহমেদক সুদৰ টকা আদায় কৰিবলৈ ঘৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি ভাবুকি দিয়াৰ লগতে মাৰপিট কৰিছিল ।

আৰক্ষীক গোচৰ দিয়াৰ পাছতো চামচুল্লা আৰু চায়েৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা । ইফালে ১ লাখ টকাৰ পৰিৱৰ্তে ৩ লাখ ৫০ হাজাৰ টকাত উপায়ন্তৰ হৈ মিনু বেগমে নিজৰ কিডনি বিক্ৰী কৰি সুদে-মূলে ধন ঘূৰাই দিব লগা হৈছিল বুলি অভিযোগ উত্থাপন কৰে । কিন্তু বৈদুল্লা খানৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ পাছতে খানৰ পৰিয়ালক লৈও ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

বৈদুল্লা খানৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই(Dibrugarh SP Shwetank Mishra) কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও বৰ্তমান বৈদুল্লা খান আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সক্ৰিয় হৈছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকী । বৈদুল্লা খানৰ ভগ্নী চায়েৰা বেগম গ্ৰেপ্তাৰ হোৱাৰ পাছতে মুখ খুলিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ।

অধীক্ষকগৰাকীয়ে কয়, সম্প্ৰতি চায়েৰাৰ বিৰুদ্ধে বিনু বেগমে দিয়া এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় সদৰ থানাৰ ৪১৮/২২ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ৩৪১/৩৮৭/২৯৪/৫০৬/৩৪ সংলগ্ন ধাৰা 14(z) Assam Microfinance Institution (Regulation of Money lending) Act 2020, সংলগ্ন ধাৰা 19(d) the transplantation of human organs tissues act 1994ৰ গোচৰ পঞ্জীয়ন কৰি সোধাপোছা অব্যাহত ৰখা হৈছে ।

লগতে পঢ়ক:Woman missing at Bongaigaon: ছবছৰীয়া পুত্ৰৰ সৈতে নিৰুদ্দেশ মাতৃ

ABOUT THE AUTHOR

...view details