ETV Bharat / state

Woman missing at Bongaigaon: ছবছৰীয়া পুত্ৰৰ সৈতে নিৰুদ্দেশ মাতৃ

author img

By

Published : Jul 16, 2022, 3:30 PM IST

বঙাইগাঁৱত 6 বছৰীয়া পুত্ৰ সন্তানৰ সৈতে নিৰুদ্দেশ হৈছে এগৰাকী 28 বছৰীয়া বোৱাৰী (Woman goes missing with her son) । কোনো সদাশয় ব্যক্তিয়ে যদি বোৱাৰীগৰাকীৰ সন্ধান পায় তেন্তে 7399821341/9365438618 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

woman-goes-missing-with-her-6-year-old-son-at-manikpur-in-bongaigaon
6 বছৰীয়া পুত্ৰৰ সৈতে নিৰুদ্দেশ এগৰাকী মহিলা

বঙাইগাঁও, 16 জুলাই: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) অন্তৰ্গত ভাণ্ডাৰাৰ পৰা 6 বছৰীয়া পুত্ৰ সন্তানৰ সৈতে নিৰুদ্দেশ হৈছে এগৰাকী 28 বছৰীয়া বোৱাৰী (Woman goes missing with her son) ।

ঘটনা অনুসৰি, বালাৰচৰ গাঁৱৰ আব্দুল বাৰেকৰ পত্নীৰ লগতে 6 বছৰীয়া পুত্ৰ সন্তান বিগত 14 জুলাইৰ পৰা নিৰুদ্দেশ হৈছে । ঈদৰ পিছদিনা স্বামী আৰু 6 বছৰীয়া পুত্ৰ সন্তানৰ সৈতে ভাণ্ডাৰাত থকা পিতৃগৃহত ঈদৰ নিমন্ত্ৰণ খাবলৈ গৈছিল মহিলাগৰাকী । বিগত 14 জুলাইৰ পুৱা আব্দুল বাৰিকে নিজ ঘৰ বালাৰচৰলৈ উভতি আহে যদিও পত্নী দেউতাকৰ ঘৰতে থাকে ।

6 বছৰীয়া পুত্ৰৰ সৈতে নিৰুদ্দেশ এগৰাকী মহিলা

তাৰ পিছতে দুপৰীয়াৰ সময়ত বোৱাৰীগৰাকী স্বামীগৃহলৈ বুলি উভতি আহে যদিও আজিলৈকে স্বামীৰ ঘৰত উপস্থিত হোৱা নাই । উপায়ন্তৰ হৈ স্বামী তথা পিতৃগৃহৰ মানুহে মিলি বহু ঠাইত বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই বোৱাৰীগৰাকীৰ ৷

এই ঘটনাক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে । কোনো লোকে যদি বোৱাৰীগৰাকীৰ সন্ধান পায় তেন্তে 7399821341/9365438618 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Breaking News: পঞ্জাৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.