অসম

assam

ULFA চৰকাৰৰ আলোচনাক লৈ আশাবাদী পৰেশ বৰুৱাৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক

By

Published : Aug 20, 2021, 9:37 PM IST

আলফাৰ সৈতে আলোচনা প্ৰক্ৰিয়াই লাভ কৰা গতিক লৈ আশাবাদী আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা(ULFA chief Paresh Barua)ৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ চৰকাৰৰ এশ দিন পূৰ্ণ হোৱাৰ সময়ত এই কথা ব্যক্ত কৰিলে পোনাকন বৰুৱাই ৷

chabua-mla-is-excited-about-peace-talk-with-ulfa
ULFA চৰকাৰৰ আলোচনাকলৈ আশাবাদী পৰেশ বৰুৱাৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক

ডিব্ৰুগড়, 20 আগষ্ট : চৰকাৰৰ এশ দিন পূৰ্ণ হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ প্ৰশংসাত পঞ্চমুখ হ’ল অগপৰ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা ৷ বিশেষকৈ আলফা(ULFA)ৰ সন্দৰ্ভত শৰ্মা চৰকাৰে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত মিত্ৰজোঁটৰ অংশীদাৰ অগপ সন্তুষ্ট হোৱাৰ কথা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷ আলফাৰ সৈতে আলোচনা প্ৰক্ৰিয়াই লাভ কৰা গতিক লৈ তেওঁ আৰু তেওঁৰ দলক সুখী কৰাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে এসময়ৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ বিধায়ক গৰাকীয়ে ৷

আলফাৰ জন্মৰ ইতিহাসৰ পাছত প্ৰথম বাৰৰ বাবে আলফাই স্বাধীনতা দিৱস বৰ্জন নকৰা কাৰ্যক বিধায়ক গৰাকীয়ে ইতিবাচক চিন হিচাপে অভিহিত কৰিছে । ৰাইজে মুক্ত মনে স্বাধীনতা দিৱস উদযাপন কৰিছে বুলিও তেওঁ মন্তব্য কৰিছে ৷ এই ইতিবাচক পৰিবেশ একমাত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলোৰে মাজত গঢ়ি তুলা আস্থা আৰু বিশ্বাসৰ কাৰণে সম্ভৱ হোৱা বুলিও কয় তেওঁ ৷ ইয়াৰ লগতে আলফাৰ মনতো এটা বিশ্বাস সৃষ্টি হৈছে বুলি তেওঁ মন্তব্য কৰে ।

ULFA চৰকাৰৰ আলোচনাকলৈ আশাবাদী পৰেশ বৰুৱাৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক

ইফালে, আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা(ULFA chief Paresh Barua)ৰ স্ব-গৃহ চাবুৱাৰ বিধায়ক গৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী গৰাকীৰ স্থিতিত পৰেশ বৰুৱাও যথেষ্ট পৰিমানে আশ্বস্ত হৈছে । আলফাই সাৰ্বভৌমত্বৰ দাবী প্ৰত্যাহাৰ নকৰাৰ ক্ষেত্ৰত চৰকাৰেও সাৰ্বভৌমত্ব(sovereignty)ৰ দিশত আপোচ নকৰো বুলি কোৱাৰ পাছতো এই বিশ্বাস আৰু আস্থাৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত কৰিছে পোনাকন বৰুৱাই ৷

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ এশ দিনৰ কাৰ্যকালকলৈ যথেষ্ট সুখী বিধায়ক প্ৰশান্ত ফুকন ৷ এই চৰকাৰে 26ত ষ্টেণ্ড কৰিব বুলি মত প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক জনে । মেট্ৰিক দিবলৈ সাঁজু হোৱা ল'ৰা ছোৱালীৰ মাজত ষ্টেণ্ড কৰাৰ সম্ভাৱনা থকা জনৰ প্ৰদৰ্শনত ফলাফলৰ আগতীয়া উমান পোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ 100 দিনৰ কামতেই আগন্তুক 2026 চনৰ নিৰ্বাচনত এইখন চৰকাৰৰ প্ৰদৰ্শনক লৈ বিশ্বাসী হৈ পৰিছে বুলি মন্তব্য কৰিছে বিধায়ক ফুকন ।

লগতে পঢ়ক :দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল ভূগোল আৰু বুৰঞ্জী

ABOUT THE AUTHOR

...view details