অসম

assam

ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ডিব্ৰুগড়ত আটছাৰ তীব্ৰ প্ৰতিবাদ

By

Published : Aug 17, 2022, 7:26 PM IST

ভূ-মাফিয়াই শ্ৰমিকৰ ভূমি বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ অভিযোগত ডিব্ৰুগড়ত প্ৰবল প্ৰতিবাদ ৷ নিৰীহ শ্ৰমিকৰ মাটি-বাৰী কাঢ়ি নিয়া ললিত দুৱৰা আৰু ধৰ্মেশ্বৰ কোঁৱৰ নামৰ ভূ-মাফিয়া দুজনৰ বিৰুদ্ধে শাস্তিমূলক গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে (Protest against land mafia in Dibrugarh)।

Protest against land mafia in Dibrugarh
ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ডিব্ৰুগড়ত আটছাৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 17 আগষ্ট: মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পাছতো ডিব্ৰুগড়ত কমা নাই ভূ-মাফিয়াৰ উপদ্ৰৱ । ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ভয়-ভাবুকি দি ভূমি কাঢ়ি লোৱা ঘটনা সংঘটিত হৈ আছে । ইয়াৰ পাছতে আজি ডিব্ৰুগড়ত ভূ-মাফিয়াৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ(Protest against land mafia in Dibrugarh) ।

শ্ৰমিকৰ ভূমি বলপূৰ্বকভাৱে কাঢ়ি নিয়াৰ অভিযোগত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ আটছাৰ । ধন-বলেৰে সৰ্বস্ব ক্ষমতা প্ৰয়োগ কৰি বলপূৰ্বকভাৱে কৃষ্ণ কুৰ্মী নামৰ এগৰাকী নিৰীহ শ্ৰমিকৰ মাটি-বাৰী কাঢ়ি নিয়া ললিত দুৱৰা আৰু ধৰ্মেশ্বৰ কোঁৱৰ নামৰ ভূ-মাফিয়া দুজনৰ বিৰুদ্ধে শাস্তিমূলক গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । আটছাৰ ডিব্ৰুগড় শাখা আৰু জিলা কুৰ্মী সমাজৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (ATTSA protest in Dibrugarh)।

ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ডিব্ৰুগড়ত আটছাৰ তীব্ৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, লীজত মাটি লোৱাৰ চলেৰে ডিব্ৰুগড়ৰ জিলিগুৰি গাঁৱৰ নিবাসী কৃষ্ণ কুৰ্মীৰ ৬ বিঘা মাটি হস্তগত কৰাৰ অভিযোগ উঠিছে ভূ-মাফিয়া ললিত দুৱৰা আৰু ধৰ্মেশ্বৰ দুৱৰাৰ বিৰুদ্ধে । আৰক্ষীক লগত লৈ ললিত দুৱৰাই কৃষ্ণ কুৰ্মীৰ ঘৰত চলাইছে উচ্ছেদ অভিযান । পৈতিক সম্পত্তি হিচাবে লাভ কৰা নিজৰ নামত থকা ৬ বিঘা ভূমি চকুৰ সন্মুখতে হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো ।

ইফালে ন্যায় বিচাৰি পৰিয়ালটোৱে ডিব্ৰুগড় জিলা উপায়ুক্তৰো(Dibrugarh district DC) কাষ চাপিছিল । কিন্তু কোনোধৰণৰ সুদোত্তৰ লাভ নকৰাত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:২৬ হাজাৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত কঠোৰ ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details