অসম

assam

Assam Gaurav Award: তাঁ‌তশালত ধৰ্মগ্ৰন্থ বৈ সমাদৃত হোৱা হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁ‌টা

By

Published : Jan 24, 2022, 7:45 PM IST

অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা অসামৰিক সন্মান অসম বৈভৱৰ উপৰিও পাঁচ গৰাকী লোকক দ্বিতীয় অসামৰিক সন্মান হিচাপে অসম সৌৰভ বঁটা আৰু ১৩ গৰাকী লোকক তৃতীয় অসামৰিক সন্মান হিচাপে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয় (Civilian awards of Assam)৷ অসম গৌৰৱ বঁটাৰে বিভূষিত হয় তাঁতশালত ধৰ্মগ্ৰন্থ বৈ ইতিপূৰ্বেই সমাদৃত হোৱা মৰাণৰ হেমপ্ৰভা চুতীয়া ৷

Assam Gaurav Award
হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁ‌টা

মৰাণ, 14 জানুৱাৰী: তাঁ‌তশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিওৱা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা হ’ল অসম গৌৰৱ বঁ‌টা (Assam Gaurav Award to Hemoprabha Chutia) ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰে শিপিনীগৰাকীলৈ আগবঢ়ালে এই বঁটা ৷ মৰাণৰ শিপিনী হেমপ্ৰভা চুতীয়া(Weaver Hemaprabha Chutia) ক অসম চৰকাৰে অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাৰ খবৰে ৰাজ্যবাসীৰ লগতে মৰাণৰ ৰাইজক আনন্দিত কৰি তুলিছে ।

মৰাণ ফটিকাছোৱা অভয়পুৰ গাঁৱৰ হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা । প্ৰথমে তেওঁ গুণা আৰু ঊণ সূতাৰে আখৰৰ চানেকী বাচি মুগা সূতাৰে তাঁতশালত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল ।

হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজীৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে । আৰ্থিক অনাটনৰ মাজেৰে নিজৰ সৃষ্টিক সফল ৰূপ দিয়া হেমপ্ৰভা চুতীয়াক সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাত আনন্দিত হৈছে সকলো ।

উল্লেখ্য যে, সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে অসম চৰকাৰে প্ৰৱৰ্তন কৰা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয় । ৰাজ্যখনৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও পুৰুধাক এইসমূহ বঁটা প্ৰদান কৰা হয় । দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈও অসম বৈভৱ বঁটা আগবঢ়োৱা হয় যদিও স্বাস্থ্যজনিত কাৰণত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে উদ্যোগপতি তথা সমাজসেৱকগৰাকী (Assam Baibhav award to Ratan Tata) ৷

লগতে পঢ়ক:Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

ABOUT THE AUTHOR

...view details