অসম

assam

ডিব্ৰুগড়ত 75 খন বিছনা যুক্ত ক’ভিড কেয়াৰ চেন্টাৰ উদ্বোধন

By

Published : Jun 14, 2021, 9:41 PM IST

ডিব্ৰুগড়ৰ জালান নগৰত আৰোগ্য ক’ভিড কেয়াৰ চেন্টাৰ উদ্বোধন ৷ মুৰলিধৰ জালান ফাউণ্ডেশ্যন আৰু শ্ৰী বিশ্বনাথ মাৰোৱাৰী দাতব্য ঔষধালয়ৰ যুটীয়া প্ৰচেষ্টাত উদ্বোধন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটো ৷ 75 খন বিছনা যুক্ত আৰোগ্য ক’ভিড কেয়াৰ চেন্টাৰটো উদ্বোধন কৰে নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ৷

75-beded-covid-care-centres-inaugurated-in-dibruga
ডিব্ৰুগড়ত 75 খন বিছনা যুক্ত ক’ভিড কেয়াৰ চেন্টাৰ উদ্বোধন

ডিব্ৰুগড়, 14 জুন : ডিব্ৰুগড়ৰ জালান নগৰত স্থাপিত আৰোগ্য ক’ভিড কেয়াৰ চেন্টাৰটোৰ উদ্বোধন কৰিলে ৰাজ্যৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে । অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝা, পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাকে আদি কৰি জিলাখনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সোমবাৰে মন্ত্ৰী গৰাকীয়ে 75 খন বিছনা যুক্ত চেন্টাৰটো উদ্বোধন কৰে ।

ডিব্ৰুগড়ত 75 খন বিছনা যুক্ত ক’ভিড কেয়াৰ চেন্টাৰ উদ্বোধন

উল্লেখ যে, আৰোগ্য ক’ভিড কেয়াৰ চেন্টাৰটো মুৰলিধৰ জালান ফাউণ্ডেশ্যন আৰু শ্ৰী বিশ্বনাথ মাৰোৱাৰী দাতব্য ঔষধালয়ৰ যুটীয়া প্ৰকল্প, য'ত সহযোগিতা আগঢ়াইছে জিলা প্ৰশাসন, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী যুৱ মঞ্চই । উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে বিভিন্ন সংগঠনৰ ক’ভিডৰ বিৰুদ্ধে অৱতীৰ্ণ যুঁজত থকা সহযোগিতাক শলাগ লয় । লগতে মুকলি কৰা আৰোগ্য ক’ভিড কেয়াৰ চেন্টাৰৰ পৰিবেশ তথা বাতাবৰণক ভূয়সী প্ৰশংসা কৰে ।

ডিব্ৰুগড়ত 75 খন বিছনা যুক্ত ক’ভিড কেয়াৰ চেন্টাৰ উদ্বোধন

মন কৰিবলগীয়া যে, চেন্টাৰটোত অক্সিজেন চিলিণ্ডাৰ, কনচেনট্ৰেটৰ (concentrator), ন্যূনতম তথা প্ৰাৰম্ভিক চিকিৎসা সেৱাৰ সকলো সুবিধাৰ লগতে নিৰামিষ আহাৰৰ ব্যৱস্থাও উপলব্ধ থাকিব । ইয়াৰ উপৰিও ক’ভিড ৰোগীৰ মানসিক সন্তোষ্টিৰ বাবে টেলিভিছন আৰু অত্যন্ত জৰুৰী সেৱাৰ বাবে এম্বুলেঞ্চৰ সুবিধাও ৰখা হৈছে ।

লগতে পঢ়ক : প্ৰদীপ হাজৰিকাৰ সন্ধানত মহাবাহুত অব্যাহত উদ্ধাৰ অভিযান

ABOUT THE AUTHOR

...view details