অসম

assam

অসম-বংগ সীমান্তত গৰুসহ আটক গো-মাফিয়া

By

Published : Oct 19, 2021, 2:21 PM IST

two person arrested with smuggled cattle at Assam Bengal border
অসম বংগ সীমান্তত চোৰাং গৰুসহ আটক গো মাফিয়া ()

পুনৰ অসম-বংগ সীমান্তত সীমান্ত আটক গৰু ছিণ্ডিকেটৰ লগত জড়িত দুজন ৷ দুখন দহচকীয়া কণ্টেইনাৰ ট্ৰাকত গৰুৰ চোৰাং সৰবৰাহৰ চেষ্টা কৰিছিল গো-মাফিয়াই |

পশ্চিম বিলাসীপাৰা, 19 অক্টোবৰ : অসম-বংগ সীমান্তত গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষীয়ে সোমবাৰে গোপন সূত্ৰৰ ভিত্তিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় এক অভিযান ৷ আৰক্ষীয়ে এই অভিযানৰ সময়ত দুখন দহচকীয়া কণ্টেইনাৰ ট্ৰাক জব্দ কৰে ৷ ট্ৰাক দুখনত মুঠ ২৬ টা উন্নত জাতৰ গৰু চোৰাং সৰবৰাহৰ চেষ্টা কৰিছিল গো-মাফিয়াই ।

অসম-বংগ সীমান্তত গৰুসহ আটক গো মাফিয়া

বগৰীবাৰী আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰাৰ লগতে চালক দুজনকো আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা চালক দুজন উত্তৰ প্ৰদেশৰ ছাহাৰণপুৰৰ সমীপৰ মোজাফৰপুৰ নগৰৰ বাসিন্দা বজিৰ আৰু ওৱাজী বুলি জানিব পৰা হৈছে ৷

আনহাতে, জব্দ হোৱা কণ্টেইনাৰ ট্ৰাক দুখনৰ নম্বৰ UP 12 AT - 7286 আৰু HR 38T 9774 ৷ সম্প্ৰতি গৰুকেইটাৰ লগতে চালক দুজনক বগৰীবাৰী আৰক্ষীয়ে নিজ জিম্মাত ৰাখিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :বৰমাত নিচাজাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details