অসম

assam

ৰাজ্যজুৰি হৰ্ষোল্লাসেৰে ৰাইজৰ দলক আদৰণি

By

Published : Oct 2, 2020, 9:03 PM IST

ঢোলে ডগৰে ৰাইজে আদৰিলে নতুন আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল'ক ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আত্মপ্ৰকাশ কৰা 'ৰাইজৰ দল'ত থাকিব অসমৰ 70 ৰো অধিক সংগঠনৰ লগতে বহুতো বিশিষ্ট লোক ৷ নতুন আঞ্চলিক দলটোৰ নাম ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি ৰাইজৰ মাজত হৰ্ষোল্লাস ৷

ৰাজ্যজুৰি হৰ্ষোল্লাসেৰে ৰাইজৰ দলক আদৰণি
ৰাজ্যজুৰি হৰ্ষোল্লাসেৰে ৰাইজৰ দলক আদৰণি

নিউজ ডেস্ক, 2 অক্টোবৰ: শুকুৰবাৰে ৰাজ্যৰ ৰাজনীতিৰ পথাৰখনত সংযোজিত হ'ল এক নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত এই 'ৰাইজৰ দল'ক ৰাজ্যৰ ভিন্ন প্ৰান্তত আবতৰীয়া হোলী, ফটকা আদি ফুটাই ৰাইজে আদৰণি জনালে ৷ মূলতঃ আ়়ঞ্চলিকতাবাদৰ ভাবধাৰা আগত ৰাখি আগবাঢ়িব খোজা দলটোৱে আৰম্ভণিতেই ব্যক্তি স্বাৰ্থৰ বাবে কোনো স্থান দলত নাই বুলি নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷ আনুষ্ঠানিকভাৱে দলৰ নাম ঘোষণা কৰাৰ পাছতে দীৰ্ঘকাল কংগ্ৰেছ আৰু বিজেপিৰ শাসনৰ পৰা মুক্ত হৈ বিকল্পৰ সন্ধান কৰা ৰাইজে ব্যাপক আনন্দ উল্লাসেৰে নতুন ৰাজনৈতিক দলটোক আঁকোৱালি লোৱা পৰিলক্ষীত হৈছে ৷ বঙাইগাঁও, গোৱালপাৰা , নাৰায়নপুৰ, মৰাণ আদি ভিন্ন প্ৰান্তত এই নতুন আঞ্চলিক দলটোক লৈ ৰাইজৰ মাজত এতিয়া ব্য়াপক স্ফূৰ্তি ৷

বঙাইগাঁৱত আবতৰীয়া হোলী আৰু ফটকাৰে আদৰণি ৰাইজৰ দলক

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱত আবতৰীয়া হোলী আৰু ফটকাৰে আদৰণি ৰাইজৰ দলক ৷ বঙাইগাঁও জিলাৰ কৃষকৰ মাজত সবল স্থিতি আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ উল্লেখ্য যে বিগত 7 টা কাৰ্যকালৰ পৰাই বঙাইগাঁৱত থকা অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীক এইবাৰ ৰাইজৰ দলে প্ৰত্যাহ্বান জনাব ৷

বঙাইগাঁৱত আবতৰীয়া হোলী আৰু ফটকাৰে আদৰণি ৰাইজৰ দলক

লক্ষিমপুৰৰ নাৰায়ণপুৰত কেইবা শতাধিক লোকে এক বৃহৎ বাইক ৰেলীৰে তেওঁলোকৰ আনন্দ প্ৰকাশ কৰি বিহপুৰীয়া সমষ্টিৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে ৷ নতুন দল গঠনক লৈ উৎফুল্লিত ৰাইজে খিলঞ্জীয়া ৰাইজক ৰাইজৰ দলত যোগদান কৰিবলৈ আহ্বান জনায় ৷

গোৱালপাৰাতো কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰাক লৈ আতচবাজীৰে ৰাইজে আনন্দ প্ৰকাশ ৷ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আজি প্ৰায় দুই শতাধিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ কৰ্মীয়ে নতুন দলৰ নাম ঘোষণা কৰাৰ লগে লগে এক উৎসৱ মুখৰ পৰিবেশ গঢ়ি তোলে ৷

মৰাণৰ ৰাজপথতো দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷ "ৰাইজৰ দল"ক আস্থাত ল'বলৈ জনসাধাৰণক আহ্বান জনাই অসমৰ পৰা বিজেপি মুক্ত কৰিব বুলি মত প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীয়ে ৷ "ৰাইজৰ দলে" ৰাইজৰ মতক, জ্যোতিপ্ৰসাদ, শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে লৈ আগবাঢ়িব বুলি বিভিন্ন দল-সংগঠনৰ নেতৃত্বই মন্তব্য কৰে ৷

মৰাণৰ ৰাজপথত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ

টিংখাঙৰ ৰাজপথত আতজবাজিৰ শব্দৰ মুখৰিত হ'ল ৰাজগড়ৰ ৰাজপথ। মহৰ শিঙৰ পেঁপাৰ মাতত মুখৰিত হ'ল চৌপাশ ৷ " ৰাইজৰ দল ' গঠন হোৱাৰ আনন্দত ৰাজগড় শ্বহীদ বেদীৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি , বীৰ লাচিত সেনা আৰু আহোম গণ মঞ্চই বিহু গাই আত্মহাৰা হৈ পৰে । নতুন আঞ্চলিক দলে ২০২১ ত শাসনাধিষ্ঠিত বিজেপিক উৎখাত কৰাৰো হুংকাৰ ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ।

টিংখাঙৰ ৰাজপথত আতজবাজিৰ শব্দৰ মুখৰিত হ'ল ৰাজগড়ৰ ৰাজপথ

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী এন টি পথত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ৷ নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ মন্তব্য কৰে যে শীঘ্ৰে কাৰাগাৰৰ পৰা ওলাই আহি অখিল গগৈয়ে এই নতুন ৰাজনৈতিক দলটোৰ নেতৃত্ব ল’ব ৷

কৃষক মুক্তিসহ ৭০ সংগঠনৰ উদ‍্যোগত আত্মপ্ৰকাশ ঘটা 'ৰাইজৰ দল' ক মৰিগাঁৱতো আদৰণি জনাই ৰাজপথলৈ ওলাই আহে সংগঠনটোৰ সদস্য সকল ৷ সদস্য সকলে মন্তব্য কৰে যে বৰ্তমানৰ চৰকাৰ খনে আঞ্চলিক দলবোৰক ভয় কৰে বাবে অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে । যি সময়ত বিজেপি নিতা পালি নেতাক কাৰাগাৰত ৰাখিব লাখিছিল সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিক ভয় কৰি অখিল গগৈক বন্দী কৰি ৰাখিছে । এই সকলোবোৰৰ যোগ্য প্ৰত্যুত্তৰ বিজেপিয়ে 2021 ৰ নিৰ্বাচনত পাব বুলিও তেওঁলোকে মন্তব্য কৰে ৷

গোলাঘাটত নতুন ৰাইজৰ দলক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ বিষয় ববীয়াৰ আটচ বাজি ফুটাই আনন্দ উল্লাস ৷ সদস্যসকলে জানিবলৈ দিয়ে যে অসমীয়াৰ সংস্কৃতি, সম্পদ ৰক্ষক হিচাপে এই নতুন ৰাজনৈতিক দলটোৱে কাম কৰিব ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাইজৰ দলক লৈ উৎসৱমুখৰ হৈ পৰিল নগাঁৱৰবেবেজীয়া । নগাঁৱৰ বেবেজীয়াৰ সাপ্তাহিক বজাৰত ঢোলে ডগৰে এক উৎসমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । ৰাইজৰ দলক ৰাইজৰ মাজলৈ লৈ যোৱাৰো অংগীকাৰ এই সকল কৰ্মীৰ ৷
2021 ৰ নিৰ্বাচনক লৈ এফালে কংগ্ৰেছ এআইডিইউএফৰ মিত্ৰতা আকৌ আনফালে বিজেপি আৰু অগপৰ মিত্ৰতাৰ বিষয়োটোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে নতুনকৈ গঠিত দুই আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনত কেনে ভূমিকা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷ ইফালে দলক নেতৃত্ব দিব লগীয়া কৃষক নেতা অখিল গগৈ এতিয়াও কাৰাবন্দী হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলে আগন্তুক দিনত কিদৰে আগবাঢ়ি যাব সেইয়া লক্ষণীয় হ'ব ৷

উৎসৱমুখৰ হৈ পৰিল নগাঁৱৰ বেবেজীয়া

লগতে পঢ়ক:সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ

ABOUT THE AUTHOR

...view details