ধুবুৰী, 26 জুন: ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে মাৰাত্মক এইচ আই ভি ৷ ড্ৰাগছ সেৱানকাৰীৰ দেহত সংক্ৰমিত হোৱা এইচ আই ভি পজিটিভৰ সংখ্যা 1200 তকৈো অধিক ৷
মাৰাত্মক ড্ৰাগছৰ কৱলত নৱ প্ৰজন্মৰ একাংশ ৷ ড্ৰাগছ সেৱন কৰা শ শ নৱ প্ৰজন্ম গতি কৰিছে অন্ধকাৰ ভৱিষ্যতলৈ ৷ ড্ৰাগছ সেৱনকাৰী আক্ৰান্ত হৈছে মাৰাত্মক HIV ৰোগত ৷ ধুবুৰী তথা ৰাজ্যৰ নৱ প্ৰজন্মৰ বাবে ই এক ভয়ংকৰ খবৰ ৷
ড্ৰাগছৰ কবলত পৰিছে দেশৰ ভৱিষ্যত নৱ প্ৰজন্ম ৷ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পিছৰে পৰাই ৰাজ্যজুৰি অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে ৷ ধাৰাবাহিক ভাবে ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সময়ে সময়ে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ কিন্তু ইয়াৰ পিচতো ৰাজ্যত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ ৷ যাৰ বাবে নৱ প্ৰজন্মই মাৰাত্মক ড্ৰাগছৰ কবলত পৰি গতি কৰিছে অন্ধকাৰ ভৱিষ্যতলৈ ৷