অসম

assam

ধুবুৰীৰ গৌৰীপুৰত ড্ৰাগছসহ দুজনক আটক

By

Published : Jun 20, 2022, 4:26 PM IST

ধুবুৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested by Dhubri police) ৷ গৌৰীপুৰ আৰক্ষীৰ উপ-পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীসহ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ ৷

drugs-peddler-arrested-with-brown-suger-by-dhubri-police
ধুবুৰীৰ গৌৰীপুৰত ড্ৰাগছ সহ দুজনক আটক

ধুবুৰী, 20 জুন :অপৰাধী যদি ডালে ডালে, আৰক্ষী পাতে পাতে ৷ অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত গোপনে সৰবৰাহ হৈয়ে আছে ড্ৰাগছ ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে সৰবৰাহৰ কৌশল ৷ কিন্তু আৰক্ষীও জানো কম ? শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddlar arrested by Dhubri police)৷

এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ থানাৰ উপ-পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গৌৰীপুৰৰ চৌৰঙ্গীমোৰৰ পৰা এক্ৰামূল হক আৰু মফিদুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় (Drugs peddler arrested with Brown suger) ।

ধুবুৰীৰ গৌৰীপুৰত ড্ৰাগছ সহ দুজনক আটক

জানিব পৰা মতে, এক্ৰামূল হক আৰু মফিদুল হকৰ ঘৰ গৌৰীপুৰৰ মলাতিখামাৰ অঞ্চলত । এক্ৰামূলৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ, ম'বাইল ফোন, বিভিন্ন আপত্তিজনক নথি-পত্ৰ আৰু নগদ ধন জব্দ কৰে(Drugs seized at Dhubri) ।

তথ্য অনুসৰি দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ীৰ সৈতে জড়িত আছিল এক্ৰামূল হক । ধৃত এক্ৰামূলে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ লগতে ড্ৰাগছ সেৱনৰ কথাও স্বীকাৰ কৰে । ইফালে আটকাধীন যুৱক দুজনক অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :হোজাইত 15 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ

ABOUT THE AUTHOR

...view details