ETV Bharat / state

হোজাইত 15 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ

author img

By

Published : Jun 1, 2022, 8:04 PM IST

হোজাই আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddlar arrested by hojai police) ৷ 15 টাকৈ কণ্টেইনাৰত জব্দ নিচাযুক্ত সামগ্ৰী(15 container full of drugs seized) ৷ জব্দকৃত সামগ্ৰীখিনিৰ মূল্য আনুমানিক প্ৰায় 30 হাজাৰ টকা ৷

15-container-full-of-drugs-seized-in-hojai
হোজাইত 15 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ

হোজাই, 1 জুন : অপৰাধী যদি ডালে ডালে, আৰক্ষী পাতে পাতে ৷ অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত গোপনে সৰবৰাহ হৈয়ে আছে ড্ৰাগছ ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে সৰবৰাহৰ কৌশল ৷ কিন্তু আৰক্ষীও জানো কম ? শেহতীয়াকৈ হোজাইত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddlar arrested by hojai police) ৷

মঙলবাৰে হোজাইত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীয়ে নিশা ড্ৰাগছসহ আটক কৰে লকেশ্বৰ সিংহ নামৰ এজন লোকক ৷ হোজাইৰ নন্দপুৰৰ বাসিন্দা এই লোকজনক আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই আটক কৰে ৷

হোজাইত 15 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ

পূৰ্বেও এইজন লোক ড্ৰাগছ সৰবৰাহত জড়িত হৈ জেল হাজোতলৈ যাবলগীয়া হৈছিল ৷ জেলৰ পৰা ওলাই আহিয়েই পুনৰ একে কামত জড়িত হৈ পৰে লকেশ্বৰ সিংহ ৷ আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা 15 টাকৈ কণ্টেইনাৰত লুকুৱাই ৰখা ড্ৰাগছ জব্দ কৰে(15 container full of drugs seized) ৷ জব্দকৃত সামগ্ৰীখিনিৰ মূল্য আনুমানিক প্ৰায় 30 হাজাৰ টকা ৷ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Garib Kalyan Sammelan: হোজাইত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.