অসম

assam

Biswajit Goswami suspended: ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক নিলম্বন

By

Published : Aug 1, 2023, 10:07 PM IST

মন্দিৰ, মছজিদ, শ্মশান, কৱৰস্থানৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত কমিচন লোৱাৰ অভিযোগ উত্থাপন হোৱা ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক নিলম্বন ৷

CEO Biswajit Goswami suspendedDhubri Zila Parishad CEO Biswajit Goswami suspended
ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক নিলম্বন

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক নিলম্বন

ধুবুৰী, 1 আগষ্ট:অৱশেষত নিলম্বিত হ’ল অসম চৰকাৰৰ খঁকুৱা ঘোচখোৰ বিষয়া বিশ্বজিৎ গোস্বামী ৷ মন্দিৰ, মছজিদ, শ্মশান, কৱৰস্থানৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত কমিচন লোৱাৰ উপৰিও কমিচনৰ বজাৰ বহুৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে ৷

তেনে সময়তে যোৱা 21 জুনত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাই 30 হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰা পেলাইছিল মুখ্য কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে মৃণাল কান্তি সৰকাৰ নামৰ আন এজন কৰ্মচাৰীক ৷

দুয়োগৰাকী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ সময়তে বিশ্বজিৎ গোস্বামীৰ ধুবুৰীৰ চৰকাৰী আৱাসগৃহত অভিযান চলাই নগদ 1.79 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল অভিযানকাৰী দলটোৱে ৷

ইয়াৰে সমান্তৰালকৈ কৰ্মচাৰী মৃণাল কান্তি সৰকাৰৰ বাসগৃহত অভিযান চলোৱা হৈছিল যদিও সফল হোৱা নাছিল দুৰ্নীতি নিবাৰক শাখাই ৷ ইপিনে 21 জুলাইৰ নিশাৰে পৰা 22 জুলাইৰ পুৱাৰ ভাগলৈকে বঙাইগাঁৱত থকা বিশ্বজিৎ গোস্বামীৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই 6 খনকৈ বেংক পাছবুক সহ নগদ 2 কোটি 32 লাখ 85 হাজাৰ 300 টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া বিশ্বজিৎ গোস্বামী আৰু মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰা 53/23 গোচৰৰ ভিত্তিত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে অসম চৰকাৰে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ৷ অৱশ্যে এতিয়ালৈকে নিলম্বন কৰা হোৱা নাই বিশ্বজিৎ গোস্বামীৰ সহযোগী কৰ্মচাৰী মৃণাল কান্তি সৰকাৰক ৷

ইপিনে ঘোচখোৰ বিষয়া বিশ্বজিৎ গোস্বামীক চৰকাৰে নিলম্বন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী ৷ কিন্তু বিষয়াগৰাকীৰ লগতে জিলা পৰিষদৰ সভাপতি সহ নিৰ্বাচিত সদস্য সদস্যা আৰু আন কৰ্মচাৰীসকলকো তদন্তৰ আওঁতালৈ অনাৰ দাবী জনাইছে ৰাইজে ৷

ইপিনে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে নিয়োজিত হৈ থকাৰ সময়তে বিশ্বজিৎ গোস্বামীয়ে ধুবুৰী জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া হিচাপেও নিয়োজিত হৈ আছিল ৷ তেনেস্থলত দুৰ্নীতিগ্ৰস্থ বিষয়াগৰাকীয়ে নিয়োজিত হৈ থকা দুয়োটা কাৰ্যালয়ৰ কমিচনৰ টকাৰে নিজা বাসগৃহত টকাৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক:Illegal Wood Seized:লখিমপুৰত প্ৰায় চাৰিলাখ টকাৰ চোৰাং শিমলু কাঠ জব্দ

ABOUT THE AUTHOR

...view details