অসম

assam

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jul 13, 2020, 5:19 PM IST

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰে জিলা যুৱ কংগ্ৰেছে ৷ ধুবুৰীৰ ৰাজীৱ ভৱনৰ পৰা এখন চাৰিচকীয়া বাহনত ৰছী লগাই টানি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে । চৰকাৰক অতিশীঘ্ৰেই ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী,13 জুলাই : লক ডাউনৰ সময়তে পেট্ৰ’ল-ডিজেলৰ ধাৰাবাহিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক । এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে ধুবুৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে ৷ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলৰ নেতৃত্বত যুৱ কংগ্ৰেছী নেতাসকলে হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰীৰ ৰাজীৱ ভৱনৰ পৰা এখন চাৰিচকীয়া বাহনত ৰছী লগাই টানি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰাৰ লগতে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে জিলা যুৱ কংগ্ৰেছে । আনকি অতিশীঘ্ৰেই ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়,অন্যথা তীব্র আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি চৰকাৰক হুংকাৰ দিয়ে জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলে ।

লগতে পঢ়ক : আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

ABOUT THE AUTHOR

...view details