অসম

assam

Molestation Case : দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলায় আটক হ’ল শ্বহীদ আলী

By

Published : Nov 15, 2021, 8:03 PM IST

মহিলাক ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত আটক হ’ল শ্বহীদ আলী নামৰ এজন লোক ৷ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মহিলাৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলাইছিল সাতজন লগৰীয়া সহ শ্বহীদ আলীয়ে ৷

Dhubri police arrest one for attempting gang rape
দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলোৱা অভিযোগত এজনক আটক ধুবুৰী আৰক্ষীৰ

ধুবুৰী, 15 নৱেম্বৰ :এগৰাকী মহিলাকধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা অভিযোগত মঙলবাৰে এজন লোকক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ জানিব পৰা মতে, এগৰাকীৰ মহিলাক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন আৰু হত্যাৰ চেষ্টা চলোৱা এক ঘটনা প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল ধুবুৰীত ৷

ধুবুৰীৰ কাইম ভাষানী অঞ্চলৰ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মহিলাৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলাইছিল গাঁওখনৰেই এটা দুষ্ট চক্ৰই । গাঁওখনৰ শ্বহীদ আলী নামৰ এইজন লোকৰ লগতে দলটোত আছিল সাত গৰাকী লোক ৷

লগতে পঢ়ক:চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

মহিলা গৰাকীয়ে অভিযোগ কৰা মতে, ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছিল মহিলা গৰাকীক ৷ ইয়াৰ পাচতে মহিলা গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ আনকি মহিলা গৰাকীক চিঞৰ-বাখৰ নকৰিবলৈ সকিয়াই দিছিল লোক কেইজনে ৷

যদি মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰে তেন্তে তেওঁৰ সন্তানটিকো প্ৰাণে মৰাৰ ভাবুকি দিছিল লোক কেইজনে ৷ আনকি ঘৰ-বৰী জ্বলাই দিয়াৰো ভাবুকি দিছিল । ইয়াৰ পাচতে লোক কেইজনে মহিলাৰ গৰাকীৰ হাত-ভৰি বান্ধি ধৰ্ষণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷

উল্লেখ্য যে, উক্ত ঘটনাটো সংঘটিত হোৱাৰ পাচতে মহিলা গৰাকীৰ স্বামীয়ে লোক কেইজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষীৰ থানাত দাখিল কৰে এখন এজাহাৰ । কিন্তু উক্ত এজাহাৰ ভিত্তিত লোক কেইজনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক:MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

উপায়হীন মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনাটোৰ সন্দৰ্ভত ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষকৰ কাষ চাপে । লগে লগে আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মহিলা গৰাকীক ৷ মহিলা গৰাকীয়ে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাষ চপা ফলশ্ৰুতিতে তৎকালীনভাৱে এক অভিযান চলাই শ্বহীদ আলী নামৰ লোক জনক আটক কৰে ধুবুৰী আৰক্ষীয়ে ৷

বৰ্তমান ধৃত শ্বহীদ আলীক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে দলটোত থকা আন সাত গৰাকী লোক পলাতক অৱস্থাত আছে বুলি আৰক্ষীৰ এক সূত্ৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Suman Swargiary : সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদগৰাকীৰ

ABOUT THE AUTHOR

...view details