অসম

assam

Ajmal Slams Bhupen Bora : মই যদি গব্বৰ ভূপেন বৰা হেমামালিনী, হিমন্ত কংগ্ৰেছৰ বছ; ধুবুৰীত আজমলৰ বাণী

By

Published : May 9, 2023, 7:30 PM IST

ধুবুৰীত আজমলৰ চাঞ্চল্যকৰ মন্তব্য । ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ ঝালেৰ আলগা অঞ্চলৰ এক দলীয় কাৰ্যসূচীত উপস্থিত হৈ সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু বিজেপিক বিভিন্ন প্ৰকাৰে সমালোচনা কৰা পৰিলক্ষিত হয় (Ajmal Slams congress and BJP) ।

Ajmal Slams Bhupen Bora
Ajmal Slams Bhupen Bora

ধুবুৰীত আজমলৰ চাঞ্চল্যকৰ মন্তব্য

ধুবুৰী, ৯ মে' :"মই যদি গব্বৰ সিং তেনেহ'লে ভূপেন বৰাই হেমামালিনী হৈ আমাৰ সন্মুখত ডান্স কৰিব নেকি (Badaruddin Ajmal Slams Bhupen Bora) । ভূপেন বৰাই হেমামালিনী হৈ গব্বৰ সিঙৰ সন্মুখত ডান্স কৰিবই লাগিব । তেতিয়াহ'লে জিকিব ।" মঙলবাৰে এই আজৱ মন্তব্য কৰে এআইইউডিএফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে (AIUDF chief Badaruddin Ajmal) ।

ধুবুৰীৰ গৌৰীপুৰৰ ঝালেৰ আলগা গাঁৱত অনুষ্ঠিত এখন সভাত সাংসদ আজমলে নিজৰ ভাষণত কংগ্ৰেছ আৰু বিজেপিক লক্ষ্য কৰি উদাত্ত ভাষণ প্ৰদান কৰে । তেওঁ নিজৰ ভাষণত কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে (Ajmal alleged BJP govt) । সভাত দিয়া ভাষণ প্ৰসংগত পুনৰ মিত্ৰতাৰ প্ৰসংগ উপস্থাপন কৰি আজমলে কয়, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জোঁটবন্ধন কৰাৰ বাবে কৈ আহিছে যদিও অসম প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা আৰু দলটোৰ বিধায়কসকলে সেই কথা নুবুজে । যদি কংগ্ৰেছে মিত্ৰতা নকৰে তেন্তে কংগ্ৰেছ শূন্য হ'ব (Ajmal slams congress)।

লগতে বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত এতিয়াও কংগ্ৰেছৰ সৈতে আমি মিত্ৰতা কৰাৰ পক্ষপাতী বুলিও চাঞ্চল্যকৰ মন্তব্য কৰে আজমলে । আনহাতে, আজমলে অভিযোগ কৰি কয় যে, হিমন্তৰ কথা মতেহে কংগ্ৰেছে মিত্ৰতা নকৰে । হিমন্ত হৈছে কংগ্ৰেছৰ বছ । ইপিনে আজমলক বিজেপিৰ 'বি টীম' বুলি কংগ্ৰেছে উল্লেখ কৰি অহাৰ সময়তে আজমলে কয়, ‘‘আজমল যদি বিজেপিৰ বি টীম তেন্তে কংগ্ৰেছ হৈছে বিজেপিৰ এ টীম । হিমন্ত কংগ্ৰেছৰ মূল মানুহ । হিমন্তৰ 'পেইড ছাৰ্ভেণ্ট' হিচাপে কাম কৰি প্ৰতিজন কংগ্ৰেছ নেতাই মাহেকত ৬ হাজাৰ, ৭ হাজাৰ আৰু ৮ হাজাৰ টকাকৈ লাভ কৰে ।’’

আনহাতে, হিমন্ত বিশ্ব চৰকাৰে দুটা বছৰ কাৰ্যকাল সম্পন্ন কৰাৰ সময়তে চৰকাৰৰ সফলতা আৰু বিফলতা সম্পৰ্কে জানিব বিচৰাত আজমলে কয়, ‘‘দুটা বছৰত বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত ।’’ উল্লেখ্য যে, আজমলৰ সভাতেই এজন দলীয় কৰ্মী AIUDF নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ উত্তেজিত হৈ পৰে । যাৰ ফলত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পিচতেই সাংবাদিকৰ আগত আজমলে কেইবাটাও চাঞ্চল্যকৰ মন্তব্য কৰে । সভাৰ পূৰ্বে এখন বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰায় আধা ঘণ্টা সময় শিক্ষা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মত বিনিময় কৰে সাংসদ বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক :Shri Shri Madhavdev Kalakhetra: বুধবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details