অসম

assam

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত সন্তুষ্টি প্ৰকাশ

By

Published : Sep 30, 2021, 2:08 PM IST

all-assam-nath-jogi-students-union-press-meet-at-bilasipara
নাথ যোগী ছাত্ৰ সন্থাৰ সংবাদমেল ()

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ(Kamatapur Autonomous Council) গঠনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নাথ যোগী জনগোষ্ঠীক পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা(All Assam Nath Jogi Students Union)ই ৷ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নাথ যোগীসকলৰ তিনিগৰাকী প্ৰতিনিধিক অন্তৱৰ্তীকালীন পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰক দাবী জনোৱা হয় ৷

পশ্চিম বিলাসীপাৰা, 30 ছেপ্তেম্বৰ : বিলাসীপাৰা প্ৰেছ ক্লাবত বুধবাৰে এক সংবাদমেল সমবোধন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই(All Assam Nath Jogi Students Union) ৷ সংগঠনটোৰ ধুবুৰী, বঙাইগাঁও, বিলাসীপাৰা আৰু গোৱালপাৰা জিলা সমিতিয়ে যৌথভাৱে আয়োজন কৰে এই সংবাদমেলখন ৷

নাথ যোগী ছাত্ৰ সন্থাৰ সংবাদমেল

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ(Kamatapur Autonomous Council) গঠনত সন্তুষ্টি প্ৰকাশ কৰে যদিও নাথ যোগী জনগোষ্ঠীক পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ ইয়াৰোপৰি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কয় যে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নাথ যোগীসকলৰ অতি কমেও তিনিগৰাকী প্ৰতিনিধিক অন্তৱৰ্তীকালীন পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগে ।

যিসকল সদস্যই ইতিমধ্যে পৰিষদত শপত গ্ৰহণ কৰে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে কৰ্মকৰ্তাসকলে । সংবাদ মেলত অসম চৰকাৰ(Assam Govt)ৰ কমতাপুৰ পৰিষদৰ আৰু নাথ যোগীসকলৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় । নাথ যোগীসকলৰ প্ৰধান দাবী অনুসৰি, উপ-গ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক :১ অক্টোবৰৰ পৰা অনুমোদন প্ৰাপ্ত SBI শাখাত নিৰ্বাচনী বণ্ড বিক্ৰী

ABOUT THE AUTHOR

...view details