১ অক্টোবৰৰ পৰা অনুমোদন প্ৰাপ্ত SBI শাখাত নিৰ্বাচনী বণ্ড বিক্ৰী

author img

By

Published : Sep 30, 2021, 10:57 AM IST

Sale of Electoral Bonds at authorized SBI branches from Oct 1

অনুমোদন প্ৰাপ্ত বেংকৰ বেংক একাউণ্টৰ জৰিয়তে ৰাজনৈতিক দলে নিৰ্বাচনী বণ্ড নগদ ধনলৈ ৰূপান্তৰিত কৰিব পাৰিব । ভাৰতীয় ষ্টেট বেংকে বিক্ৰীৰ ১৮ নং পৰ্যায়ত ২৯ টা অনুমোদন প্ৰাপ্ত শাখাক নিৰ্বাচনী বণ্ড জাৰি আৰু নগদ ধনলৈ ৰূপান্তৰিত কৰাৰ বাবে কৰ্তৃত্ব দিছে । চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ নিৰ্বাচনী বণ্ড বিক্ৰীৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ : বুধবাৰে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে নিৰ্বাচনী বণ্ড বিক্ৰী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । চৰকাৰে নিৰ্বাচনী বণ্ড আঁচনিৰ ২০১৮ ৰ অধিসূচনা অনুসৰি এই জাননী জাৰি কৰিছে । আঁচনিখনত উল্লেখ থকা অনুসৰি, ভাৰতৰ নাগৰিক বা ভাৰতৰ যিকোনো ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা ব্যক্তিয়ে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰে । এজন ব্যক্তিয়ে নিজাববীয়াকৈ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰে অথবা যুটীয়াভাৱেও নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰে ।

জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ২৯(A) নং ধাৰাৰ অধীনত পঞ্জীয়ন কৰা কেৱল সেইবোৰ ৰাজনৈতিক দলহে নিৰ্বাচনী বণ্ড লাভ কৰিবলৈ যোগ্য বুলি বিবেচিত হ'ব, যিবোৰ দলে যোৱা লোকসভা নিৰ্বাচন অথবা বিধানসভা নিৰ্বাচনত এক শতাংশতকৈ কম ভোট লাভ কৰা নাছিল ।

বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত এইবোৰৰ বিষয় বিতংভাৱে উল্লেখ কৰা হৈছে । নিৰ্বাচনী বণ্ডবোৰ কেৱল কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ বেংক একাউণ্টৰ জৰিয়তে এটা যোগ্য ৰাজনৈতিক দলে নগদ ধনলৈ ৰূপান্তৰিত কৰিব পাৰিব ।

১৮ নং পৰ্যায়ত ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ২৯ টা কৰ্তৃত্বপ্ৰাপ্ত শাখাক নিৰ্বাচনী বণ্ড জাৰি আৰু নগদ ধনলৈ ৰূপান্তৰিত কৰাৰ বাবে কৰ্তৃত্ব দিছে । নিৰ্বাচনী বণ্ডবোৰ জাৰি হোৱাৰ তাৰিখৰ পৰা পোন্ধৰ দিন পৰ্যন্ত বৈধ বুলি গণ্য কৰা হ'ব ৷ বৈধতাৰ ম্যাদ উকলি যোৱাৰ পিছত নিৰ্বাচনী বণ্ড জমা কৰিলে কোনো ৰাজনৈতিক দলক ধন পৰিশোধ কৰা নহ'ব । এটা যোগ্য ৰাজনৈতিক দলে নিজৰ একাউণ্টত জমা কৰা নিৰ্বাচনী বণ্ড একেদিনাই জমা কৰা হ'ব ।

লগতে পঢ়ক: তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.