অসম

assam

Badruddin Ajmal visit in Dhubri: 3 খন আমাৰ, 11 খন কংগ্ৰেছক দিলো: লোকসভাৰ আসন ভাগ-বাটোৱাৰা আজমলৰ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:30 PM IST

ধুবুৰীত বদৰউদ্দিন আজমলৰ চাঞ্চল্যকৰ মন্তব্য । ‘‘ধুবুৰীৰ পৰা মোক কোনেও হিলাব নোৱাৰে ৷ ‘24ৰ নিৰ্বাচনৰ পাচত মোদী ৰাম মন্দিৰত গৈ পূজা কৰিব থাকিব ৷’’ এই বিস্ফোৰক মন্তব্য সাংসদ আজমলৰ ৷

Badruddin Ajmal visit in Dhubri
3 খনক আমাৰ 11 খন কংগ্ৰেছক দিলো

3 খনক আমাৰ 11 খন কংগ্ৰেছক দিলো

ধুবুৰী, 28 অক্টোবৰ :লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ ৰাজনৈতিক নেতাসকল সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে ৷ নিজৰ নিজৰ ভোট বেংক শক্তিশালী কৰাত উঠি পৰি লাগিছে ৰাজনৈতিক দলৰ নেতাসকল । তেনে সময়তে শনিবাৰে ধুবুৰীত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল ৷

ধুবুৰীৰ নিউঘাট সুভাষ নগৰ অঞ্চলত 24 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ আজমলে ৷ তাৰ পাচতে এক সংবাদমেল সম্বোধন কৰে সাংসদ গৰাকীয়ে ৷ সাংবাদমেলত প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে সাংসদ আজমলে ৷

আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে কিমানখন আসন পাব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, তিনিখন আসনত আমি জিকিমেই ৷ ধুবুৰীত বিনা প্ৰতিদ্বন্দিতাৰে জিকিম ৷ নগাঁও আৰু কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছৰ সৈতে আমাৰ তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব যদিও আমি জিকিম বুলিও দাবী কৰে আজমলে ৷

তেওঁ কয়, ‘‘ আমাৰ তিনিটা হ’ব ৷ বাকী আমি কংগ্ৰেছলৈ এৰি দিলো ৷ কংগ্ৰেছে যদি 11 খন পায় তেতিয়া হ’লে ভাল কথা, তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল ৷ আমি I.N.D.I.A মিত্ৰজোঁটৰ লগত আছো । ‘24ৰ নিৰ্বাচনৰ পাচত মোদী যাব ৷ ইয়াত মুখ্যমন্ত্ৰী হিমন্তও যাব ৷’’ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী কলৈ যাব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজমলে কয়, ‘‘ নিৰ্বাচনৰ পিচত মোদী বাৰাণসীলৈ যাব ৷ তেওঁ ৰাম মন্দিৰত গৈ পূজা কৰি থাকিবগৈ ৷ হিমন্তৰটো নাজানো ৷ তেওঁৰ কথা আল্লাইহে জানে ।’’

ধুবুৰী লোকসভা সমষ্টিৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত সংসদ আব্দুল খালেকৰ নাম সম্ভাব্য প্ৰাৰ্থী হিচাপে চলা চৰ্চা সন্দৰ্ভত সাংসদ আজমলে কয়, ‘‘কংগ্ৰেছৰ টিকেট কোটি টকাত বিক্ৰী হয় । আমাৰ বাবে যিজন মানুহে পালে ভাল হয় সেইজন মানুহেই লৈ আহিব । ধুবুৰীৰ পৰা মোক কোনেও হিলাব নোৱাৰে ৷ আগত কুকুৰাৰ ডিঙিত টিকট দিলেও জিকাৰ সপোন দেখিছিল কংগ্ৰেছে ৷ কিন্তু এতিয়া আৰু সেই দিন নাই ।’’

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাক ৰাজনৈতিক পৰামৰ্শ দি আজমলে কয়, "বৰাই ৰাজনীতি শিকিব লাগীয়া আছে । মই বিনামূলীয়াকৈ টিউচন পঢ়াম ভূপেন বৰাক ।" আনহাতে মুছলমান বিৰোধী স্থিতি সলনি কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক ৰাজনৈতিক পৰামৰ্শ প্ৰদান কৰে সাংসদ আজমলে ।

বিৰোধী ঐক্য মঞ্চ 2026 চনলৈকে থাকিব বুলি ভূপেন বৰাই কৰা ঘোষণাৰ সন্দৰ্ভত সাংসদ আজমলে কয়, ‘‘ কোন কিমান দিন থাকিব কোনেও নাজানে ৷’’

ইফালে পাঁচ ৰাজ্যৰ আগন্তুক বিধাসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে চাৰিখন ৰাজ্যত জয় লাভ চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰে সাংসদ আজমলে ৷

লগতে পঢ়ক:Badruddin Ajmal: বিজেপি আৰু কংগ্ৰেছ ভাই ভাই : বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details