অসম

assam

চাপৰৰ চৈবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী

By

Published : Feb 27, 2021, 9:38 PM IST

শনিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী চাহ বাগিছাত প্ৰতিবাদী বাইক ৰেলী উলিয়াই বিজেপি চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদৌ আদিবাসী ছাত্ৰ সন্থাই । বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ বাগিছা অঞ্চলত বিজেপি নেতাক প্ৰৱেশ নকৰিবলৈ সকীয়াই দিলে ছাত্ৰ সংগঠনটোৱে ।

চাপৰৰ চৈবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী
চাপৰৰ চৈবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী

পূৱ বিলাসীপাৰা, ২৭ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ আদিবাসী ছাত্ৰ সন্থা । শনিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী চাহ বাগিছাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । প্ৰতিবাদী বাইক ৰেলী উলিয়াই ক্ষোভ উজাৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । প্ৰতিবাদকাৰীৰ অভিযোগ মতে, বিগত ৫ বছৰে বিজেপি চৰকাৰে আদিবাসী সকলৰ আৱেগক লৈ হেতালি খেলিলে ।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে, শাসনলৈ অহাৰ পিছতে আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব আৰু মাটিৰ পট্টা প্ৰদান কৰিব । কিন্তু আজি পৰ্যন্ত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মকৰ্তাই । চৰকাৰে আদিবাসীসকলক আভুৱা ভাৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ বাগিছা অঞ্চলত বিজেপি নেতাক প্ৰৱেশ নকৰিবলৈ সকীয়াই দিলে ছাত্ৰ সংগঠনটোৱে ।

বিলাসীপাৰা মহকুমাৰ চাপৰ আৰু চৈবাৰী চাহ বাগিছাসমূহত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আদৰ্শ বিদ্যালয়খনো ৰহস্যজনকভাৱে বন্ধ হৈ পৰাক লৈ তীব্ৰ সমালোচনা কৰে আদিবাসী ছাত্ৰ সন্থাই । লগতে বিজেপিয়ে আদিবাসী লোকসকলক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে বুলিও অভিযোগ তোলে ।

লগতে পঢ়ক:মোকালনি মিচিং গাঁৱৰ চাংঘৰত কি কৰিছে অংকিতা দত্তই ?

ABOUT THE AUTHOR

...view details