অসম

assam

নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘণ্টাৰ সময়সীমা প্ৰশাসনৰ

By

Published : Oct 21, 2021, 1:27 PM IST

আমাক শ্বুট(Shoot) কৰি দিয়ক, আমি ক’ত যাম ৷ এই মন্তব্য নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ বেদখলকাৰীৰ ৷ মুখ্যমন্ত্ৰীৰ ধমকৰ পিছতে বেদখলমুক্ত কৰিবলৈ অহা জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ আগত এই মন্তব্য কৰে বেদখলকাৰীয়ে ।

Dhubri District Administration
নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘন্টাৰ সময়সীমা প্ৰশাসনৰ

ধুবুৰী, 21 অক্টোবৰ :মুখ্যমন্ত্ৰীৰ ধমকৰ পিছতেই নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজ বেদখল মুক্ত কৰাৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন । এই অনুসৰি বুধবাৰে ধুবুৰী মেডিকেল কলেজত উচ্ছেদ প্ৰক্ৰিয়া চলায় জিলা প্ৰশাসনে । নিৰ্মীয়মান মেডিকেল কলেজৰ কোঠালীসমূহ খালী কৰি দিয়াৰ বাবে প্ৰশাসনে ২৪ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই চিকিৎসালয়খনত কৰ্মৰত একাংশ চাফাই কৰ্মীৰ পৰিয়ালে তাত বাস কৰি আহিছিল ।

নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘণ্টাৰ সময়সীমা প্ৰশাসনৰ

13 অক্টোবৰত দুৰ্গা পূজাৰ সময়তে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ধুবুৰীত উপস্থিত হৈ নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ সময়তে নিৰ্মীয়মান কলেজখনৰ এটা অংশ একাংশ চাফাই কৰ্মীৰ পৰিয়ালে দখল কৰি থকা বুলি জানিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তৰ লগতে নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰক ধমক দি শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰে ।

নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজ

মুখ্যমন্ত্ৰীৰ ধমকৰ এসপ্তাহ পিছত জিলা প্ৰশাসনে নিৰ্মীয়মান মেডিকেল কলেজত অবৈধ বেদখল কৰি থকা চাফাই কৰ্মীসকলৰ পৰিয়ালক উচ্ছেদ কৰাৰ বাবে পদক্ষেপ লয় । প্ৰশাসনে কলেজখনৰ কোঠালীসমূহ খালী কৰি দিয়াৰ বাবে চাফাই কৰ্মী পৰিয়ালক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে । কিন্তু ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে কোঠাসমূহ খালী নকৰিলে আইনগত ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে প্ৰশাসনে ।

নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘণ্টাৰ সময়সীমা প্ৰশাসনৰ

এই কঠোৰ নিৰ্দেশনা দিয়াৰ সময়তে প্ৰশাসনৰ সকীয়নিক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই চাফাই কৰ্মীৰ পৰিয়ালে দখলমুক্ত কৰাৰ বিপৰীতে গুলী খাবলৈ প্ৰস্তুত বুলিহে মন্তব্য কৰে ৷ সংস্থাপন অবিহনে কোনো কাৰণতেই মেডিকেল কলেজৰ পৰা আঁতৰি নোযোৱাৰো হুংকাৰ দিয়ে উক্ত লোকসকলে ৷ ইফালে দীৰ্ঘদিন ধৰি অবৈধভাৱে কৰি অহা এই দখলৰ বাবে লেহেমীয়া গতিত চলিছে মেডিকেল কলেজখনৰ নিৰ্মাণৰ কাম ৷

বেদখলকাৰীৰ মন্তব্য

লগতে পঢ়ক :ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details