অসম

assam

TMPK foundation day: ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী TMPKৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:05 PM IST

ওৰ পৰা নাই ভূপেন বৰাৰ ৰিবি গাচেং বিতৰ্ক ৷ চিলাপথাৰত অনুষ্ঠিত TMPKৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসস্থলীৰ পৰাই ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা নুখুজিলে সভাপতি ভূপেন বৰাক মিচিং অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি হুংকাৰ প্ৰদান TMPKৰ নেতৃত্বৰ ৷

ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী TMPKৰ
ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী TMPKৰ

ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী TMPKৰ

জোনাই, ১৬ অক্টোবৰ: বিতৰ্কই লগ এৰা নাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক ৷ শেহতীয়াকৈ জোনাই সমষ্টিত 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰাত সভাপতিগৰাকীয়ে মিচিং সম্প্ৰদায়ৰ সন্মানৰ প্ৰতীক ৰিবি গাচেঙক ভৰিৰে গচকি অপমান কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে মিচিং সম্প্ৰদায়ৰ লোকসকল ৷ এইবাৰ সভাপতি বৰাক TMPKৰ সকীয়নি ৷

সোমবাৰে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিংসকলৰ সৰ্বাংগীন উত্তৰণৰ স্বাৰ্থত ১৯৭১ চনত গঠিত হোৱা একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPKৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে ৰাজ্যৰ আন প্ৰান্তৰ লগতে চিলাপথাৰত সদৌ মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত চিলাপথাৰত ১৩ আঞ্চলিকৰ সহযোগত ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই প্ৰতিষ্ঠা দিৱসতে TMPK ৰ কেইবাগৰাকীও নেতাই ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা নুখুজিলে সভাপতি ভূপেন বৰাক মিচিং অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

দিনটোৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পাচতেই সাংবাদিকৰ সৈতে মুখামুখিত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে TMPK ৰ নেতৃত্বই। মিচিং জাতীয়ৰ স্বাভিমানস্বৰূপ ৰিবি গাচেঙক ভৰিৰে মোহাৰি গচকি ভূপেন বৰাই কৰা চূড়ান্ত অপমানক একেমুখে গৰিহণা জনাই সংগঠনটোৰ নেতৃত্বই ৷ অহা ২৪ ঘন্টাৰ ভিতৰত মিচিং ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা নুখুজিলে মিচিং অধ্যুষিত অঞ্চলত ভূপেন বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে পৰিস্থিতি ভয়ানক হ'ব বুলি সকীয়াই দিয়ে।

ইপিনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনজুৰি বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণৰ সমান্তৰালকৈ নিশা মিচিং গুমৰাগ নৃত্য, ঐনিতম, মিচিং ফেশ্বন শ্ব'ৰ লগতে সাংস্কৃতিক সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক:Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা

ABOUT THE AUTHOR

...view details