অসম

assam

Chirki waterfall in Pasighat: পাচিঘাটৰ চিৰকি জলপ্ৰপাতে মন মুহিব আপোনাৰ

By

Published : Aug 4, 2022, 8:09 PM IST

North East IndiaThe Chirki Falls in Pasighat will fascinate you
Chirki waterfall in Pasighat ()

উৎকট গৰম সহিব নোৱাৰি দেহা শীতলাবলৈ আপুনিও হয়তো যাবলৈ বিচাৰিছে শ্বিলং, চেৰাপুঞ্জী কিম্বা এক’লেণ্ডলৈ (North East India) ৷ তাকো যদি সুবিধা মিলা নাই কোনোবা পাহাৰী নিজৰা বা জলপ্ৰপাতলৈ গৈ এখন্তেক প্ৰশান্তি লভিবলৈ আপোনাৰ নিশ্চয় মন গৈছে ৷ বেছি দূৰলৈ যোৱাৰ পিচে প্ৰয়োজন নাই ৷ পাচিঘাটলৈ আহিলেই আপুনি লাভ কৰিব পাৰিব এনে প্ৰশান্তি ৷

জোনাই, 4 আগষ্ট: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল মানেই যেন বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ সমাহাৰ (Natural beauty of North East India) ৷ অৰুণাচল, অসম, মেঘালয়, মণিপুৰ প্ৰতিখন ৰাজ্যই ভৰপূৰ সৌন্দৰ্যৰ আকৰেৰে ৷ সেউজীয়া পাহাৰ আৰু তাৰ মাজেৰে জিৰিজিৰিকৈ বৈ অহা নৈ নিজৰাই এই সৌন্দৰ্যৰ জেউতি দুগুণে চৰায় ৷ তেনে এক সৌন্দৰ্যৰ আকৰ হ’ল পাহাৰী ৰাণী পাচিঘাটৰ চিৰকি জলপ্ৰপাত ৷ সুউচ্চ পাহাৰৰ পৰা কুলু কুলু ধ্বনিৰে নামি আহিছে চিৰকি (Chirki waterfall in Pasighat)৷

উৎকট গৰম সহিব নোৱাৰি দেহা শীতলাবলৈ আপুনিও হয়তো যাবলৈ বিচাৰিছে শ্বিলং, চেৰাপুঞ্জী কিম্বা এক’লেণ্ডলৈ ৷ তাকো যদি সুবিধা মিলা নাই কোনোবা পাহাৰী নিজৰা বা জলপ্ৰপাতলৈ গৈ এখন্তেক প্ৰশান্তি লভিবলৈ আপোনাৰ নিশ্চয় মন গৈছে ৷ বেছি দূৰলৈ যোৱাৰ পিচে প্ৰয়োজন নাই ৷ পাচিঘাটলৈ আহিলেই আপুনি লাভ কৰিব পাৰিব এনে প্ৰশান্তি ৷

পাচিঘাটৰ চিৰকি জলপ্ৰপাতে মন মুহিব আপোনাৰ

জোনাইৰ অৰুণাচল সীমান্তৰ ৰুকচিন গেটেৰে সোমাই অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ (East Chiang district of Arunachal) বাণিজ্যিক চহৰ পাচিঘাটৰ পৰা সেউজী পাহাৰৰ কাষে কাষে প্ৰায় দহ কিলোমিটাৰ বাট আগুৱাই গ’লেই পাব পাহাৰৰ বুকুত লুকাই থকা অপৰূপ সৌন্দৰ্যৰে ভৰা চিৰকি জলপ্ৰপাত ৷ জলপ্ৰপাতটোৰ পৰা শিলে শিলে ঠেকা খাই বৈ অহা পানীৰ শব্দ আৰু চেঁচা বতাহজাকে দেহ-মন জুৰাই এপলক হ’লেও আপোনাক কৰি তুলিব আত্মবিভোৰ ৷ ভিন্ন স্থানৰ পৰা পৰ্যটক আহে এই চিৰকি জলপ্ৰপাতৰ সৌন্দৰ্য উপযোগ কৰিবলৈ (Natural beauty of Chirki waterfall) ৷

বগীবিল দলেঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰাৰ পৰাই এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চিৰকি জলপ্ৰাপাতো চাবলৈ যোৰহাট, শিৱসাগৰ, মৰাণ, ডিব্ৰুগড়, তিনিচুকীয়া আদি নানা ঠাইৰ পৰা পৰ্যটকৰ সোঁত বোৱা আৰম্ভ হয় ৷ গ্ৰীষ্মকালত অসম-অৰুণাচলৰ লগতে দেশী-বিদেশী পর্যটকৰো আগমন ঘটে পাচিঘাটৰ এই চিৰকি জলপ্ৰপাতলৈ ।

উল্লেখ্য যে, উত্তৰ-পূৱৰ পাহাৰৰ বুকুৱে বুকুৱে প্ৰৱাহিত এই জলপ্ৰপাত আৰু নিজৰাবোৰৰ সৌন্দৰ্যই সকলোকে হাত-বাউলি মাতে ৷ এই সমূহ স্থানৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ পৰ্যটনৰ ক্ষেত্ৰত অধিক লাভৱান হ’ব উত্তৰ-পূৰ্বাঞ্চল ৷

লগতে পঢ়ক :Two kids of Jonai: দুটি কণমানিৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

ABOUT THE AUTHOR

...view details