Two kids of Jonai: দুটি কণমানিৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

author img

By

Published : Aug 2, 2022, 4:50 PM IST

Updated : Aug 2, 2022, 10:53 PM IST

two-kids-of-jonai-are-selling-vegetables-on-roadside

জোনাইত পিতৃহীন দুই কণমানিৰ জীৱন সংগ্ৰামৰ এক জীয়া কাহিনী(Struggling story of two kids) । পদপথত শাক-পাচলি বিক্ৰী কৰি যি ন্যূনতম উপাৰ্জন কৰিছে, সেই উপাৰ্জনেৰে নামি পৰিছে জীৱন ৰক্ষাৰ যুঁজত ।

জোনাই, 2 আগষ্ট: পখিলা খেদি ফুৰাৰ বয়সতে জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰিছে জোনাইৰ দুই কণমানি (Struggling story of two kids)। ধেমাজি জিলাৰ জোনাইৰ ৩ নং মুৰ্কংচেলেক গাঁৱৰ নিবাসী তথা পিতৃহীন কণমানি দুটি শিশুৱে সোণোৱালী শৈশৱৰ ধেমালিৰ বিপৰীতে নামিবলৈ বাধ্য হৈছে জীৱন সংগ্ৰামত(Two kids of Jonai are selling vegetables) ।

জোনাইৰ দৈনিক বজাৰৰ এচুকত শাক-পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত দৈনিক বহি থকা দুই কণমানি শিশুৰ বিষয়ে জানিবলৈ বা বুজিবলৈ হয়তো কাৰোৰে আহৰি নাই । খুব কম বয়সতে জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰা এই দুই কণমানি শিশু দুটিৰ নাম হৈছে বিশ্ব ঘোষ আৰু ৰাজু ঘোষ । বিশ্ব ঘোষ পঞ্চম শ্ৰেণী আৰু ৰাজু ঘোষ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ।

দুটি কণমানিৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

জানিব পৰা মতে, তিনি বছৰ পূৰ্বে পিতৃহাৰা দুই শিশুৰ দৰিদ্ৰ মাতৃয়ে এখন হোটেলত বাচন-বৰ্তন ধুই এদিনত লাভ কৰিছিল 150 টকা । কিন্তু সেই ডেৰশ টকাৰে পৰিয়ালটি নচলাত নিষ্ঠুৰ বাস্তৱৰ একোৱে আওভাও নজনা দুই কণমানি শিশুৱে নিজৰ পঢ়া-শুনাৰ খৰচ আৰু পেটৰ তাড়নাত শাক-পাচলিৰ এখন সৰুকৈ দোকান দি আৰম্ভ কৰিছে জীৱন সংগ্ৰাম ।

বিশ্ব ঘোষ আৰু ৰাজু ঘোষ নামৰ দুই শিশু ভাতৃদ্বয়ে শাক-পাচলিৰ দোকানৰ লগতে বিদ্যালয়লৈ গৈ নিজৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে । দুয়োগৰাকী শিশু ৩ নং মূর্কংচেলেক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ।

উল্লেখ্য যে, বিশ্ব ঘোষ আৰু ৰাজু ঘোষৰ এগৰাকী পেহীয়েকে জোনাইৰ বিভিন্ন ঠাইৰ পৰা দিনটো শাক-পাচলি কিনি গোটাই থৈ দিয়ে আৰু দুয়ো স্কুল ছুটী হোৱাৰ পিছত অর্থাৎ 3ৰ পৰা 8 বজালৈকে জোনাইৰ দৈনিক বজাৰত শাক-পাচলিৰ দোকানখনত বহে দুই শিশু ভাতৃদ্বয়ে ৷

জানিব পৰা মতে, দুই কণমানি শিশুৰ শাক-পাচলিৰ দোকানত দৈনিক বিক্ৰী হয় পোন্ধৰ শ টকাৰ পৰা দুই হাজাৰ টকা পর্যন্ত । এতিয়া প্ৰশ্ন হৈছে যে, এই দুই কণমানি শিশুৰ কৰুণ জীৱন সংগ্ৰামৰ অন্ত পেলাবলৈ চৰকাৰে চকু মেলি চাবনে ? নে এনেকৈয়ে দুৰ্ভিসহ জীৱন সংগ্ৰামৰ মাজতে শেষ হৈ যাব দুটি কণমানি শিশুৰ ভৱিষ্যত ।

লগতে পঢ়ক : সন্তানক ৰছীৰে বান্ধি দিন-হাজিৰা কৰিবলৈ ওলাই যোৱা এগৰাকী মাতৃৰ কৰুণ গাঁথা

Last Updated :Aug 2, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.