অসম

assam

Smuggled timber seized: জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:30 PM IST

জোনাইত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা । কুম্ভকর্ণ নিদ্ৰাত জোনাই বন বিভাগ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জব্দ কৰে কাঠভৰ্তি ট্ৰাক । চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰি চমজাই দিয়ে জোনাই বন বিভাগক ।

Smuggling of timber in Jonai
জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

জোনাই,২১ অক্টোবৰ:জোনাইত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । শুকুৰবাৰে নিশা জোনাইৰ ৰুকচিন গেটৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জব্দ কৰে এখন সেউজীয়া চোৰাং কাঠ ভৰ্তি ১৬ চকীয়া ট্ৰাক । জানিব পৰা মতে অৰুণাচলৰ নিকলকৰ পৰা প্ৰায় ৪০ চিএম চোৰাং কাঠ লৈ অহা ১৬ চকীয়া ট্ৰাকখনে ৰুকচিন গেট পাৰ হোৱাৰ পথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে জব্দ কৰি গতাই দিয়ে জোনাই বন বিভাগক ।

কোনো টি পি-চালানৰ অবিহনে নিশা প্ৰায় ১১.৩০ বজাত অৰুণাচল গেট পাৰ হোৱাৰ পিছতে জব্দ কৰে ট্ৰাকখন । জানিব পৰা মতে সৰকাৰ উপাধিৰ এটা কাঠ মাফিয়াই প্ৰত্যেক দিনেই এনেদৰে অবৈধভাৱে চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । জোনাই আৰু ৰুকচিন বন বিভাগৰ নাকৰ তলেদি অৰুণাচল নিকলকৰ পৰা ধুবুৰীলৈ ১৬ চকীয়া চোৰাং কাঠ ভৰ্তি ট্ৰাকেৰে ম্যাদ উকলা টিপি চালান লৈ এনেদৰে অবৈধভাৱে অব্যাহত ৰখা চোৰাং কাঠৰ সৰবৰাহ কৰা কাৰ্যক আচাৰ্য প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই ।

উল্লেখ্য যে AJYCP আৰু ৰাইজে জোনাই বন বিভাগক চমজাই দিয়া কাঠ ভৰ্তি ট্ৰাকখন বন বিভাগে খোদ অবৈধ বুলি জানিবলৈ দিয়াৰ পিছতো এঘন্টা নহওতেই জোনাই বন বিভাগে কেনেকৈ মুকলি কৰি দিলে ট্ৰাকখন তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ কাঠ মাফিয়া আৰু জোনাই বন বিভাগৰ মাজৰ বুজাবুজি আজিয়েই নহয়, দীৰ্ঘদিন ধৰি চলি অহাৰো অভিযোগ উত্থাপিত হৈছে । ইফালে টি পি চালান, জি এছ টি অবিহনে এনেদৰে চোৰাং কাঠৰ ছিণ্ডিকেট চলোৱাক তীব্ৰ গৰিহণা দিয়ে AJYCP এ । তদুপৰি এনেদৰে অবৈধভাবে ছিণ্ডিকেট চলোৱা কাৰ্যক শীঘ্ৰে বন্ধ কৰি চোৰাং কাঠভৰ্তি গাড়ী আৰু অবৈধ কাঠ মাফিয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই AJYCP জোনাই আঞ্চলিক সমিতিয়ে ।

লগতে পঢ়ক:Natural gas leaking: যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ডৰ সম্ভাৱনা, ব্যৰ্থ দুলীয়াজানৰ অইল ইণ্ডিয়া

ABOUT THE AUTHOR

...view details