ETV Bharat / state

Natural gas leaking: যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ডৰ সম্ভাৱনা, ব্যৰ্থ দুলীয়াজানৰ অইল ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 5:48 PM IST

দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়াৱহভাৱে নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ ৷ অইল ইণ্ডিয়াৰ যুদ্ধকালীন প্ৰচেষ্টাৰ মাজতেই ভুক্তভোগী শ্ৰমিকৰ প্ৰতিবাদ ৷

natural gas is leaking from duliajan oil pits
নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ

নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ

ডিব্ৰুগড়, 21 অক্টোবৰ : দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়াৱহভাৱে দুটা দিনে নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ । দুটা দিনে প্ৰাকৃতিক গেছ নিৰ্গমনক লৈ চেঁপা উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে দুলীয়াজানত । গেছ নিৰ্গমন বন্ধ কৰাত ব্যৰ্থ হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ ।

ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশা দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত বিস্ফোৰণ ঘটাৰ পাচতেই ভয়ংকৰভাৱে নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ । পুৰণি দিৰিয়েল চাহ বাগিচা লাইনৰ নিচেই কাষত পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৬৭ নম্বৰ তেল খাদটোত সংঘটিত হোৱা এই ঘটনাক লৈ দুলীয়াজানত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা তেল খাদটোত এই বিস্ফোৰণ সংঘটিত হোৱাত যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনা থকাত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক ঘৰত জুই জ্বলোৱাত বাধা আৰোপ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই । ইতিমধ্যে অঞ্চলটোৰ বহু লোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । অঞ্চলটোৰ বহু শ্ৰমিক দুটা দিনে কাম কৰাৰ পৰা বিৰত থাকিব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, বিভাগীয় এক্সপাৰ্ট, স্থানীয় প্ৰশাসনিক বিষয়া ঘটনাস্থলীত উপস্থিত হৈ গেছ নিৰ্গমন বন্ধ কৰিবলৈ পুৱাৰ ভাগতেই চেষ্টা কৰিছে যদিও প্ৰথম চেষ্টাত অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ সফল হ’ব নোৱাৰা বুলি জানিব পৰা গৈছে ।

অইল ইণ্ডিয়াই গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতেই ভুক্তভোগী শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে শনিবাৰে । অইল ইণ্ডিয়াই কৰ্তৃপক্ষই খাদ্য যোগান ধৰাৰ পৰা আন সুবিধা অঞ্চলটোৰ ৰাইজক প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকলে । প্ৰতিবাদৰ মাজতো গেছ নিৰ্গমন বন্ধ কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিছে । অইল ইণ্ডিয়াৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, বিস্ফোৰিত পাইপে দি এতিয়া কেৱল পানী, মাটি, বালিহে গৈ আছে । চিন্তাৰ কোনো কাৰণ নাই । পৰস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবেই ৰাইজক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে । অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৰাইজক আশ্বাস দিলেও দুটা দিনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দুলীয়াজানত এক প্ৰকাৰে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Massive explosion: পুৰণি দিৰিয়েল চাহ বাগিচাৰ সমীপৰ অইলৰ তেল খাদত ভয়ংকৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.