অসম

assam

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

By

Published : Jul 13, 2020, 7:50 PM IST

বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে যদিও একাংশ লোকে সাহাৰ্য দিয়াৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উখাপন হৈছে ৷ সোমবাৰে জোনাইৰ চমকং হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক গৰাকীয়ে শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লোৱাৰ উপৰিও বানপীড়িত ৰাইজক যোগান ধৰা সাহাৰ্য সামগ্ৰী দেখি হতবাক হয় ৷ কিয়নো ৰাইজক সাহাৰ্যৰ নামত প্ৰদান কৰা হৈছে নিম্ন মানৰ সা-সামগ্ৰী ৷ খাদ্যৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

Relief corruption in assam demaji
বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

জোনাই, 13 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰবল বানৰ ৷ বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে যদিও একাংশ লোকে সাহাৰ্য দিয়াৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উখাপন হৈছে ৷

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

এইবাৰ এই দুৰ্নীতিৰ অভিযোগ উখাপন হৈছে ধেমাজি জিলাৰ জোনাইত ৷ বান সাহাৰ্য বিতৰণৰ নামত নিম্ন মানৰ সামগ্ৰী যোগান ধৰি বৃহৎ ধন হৰলুকি কৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

সোমবাৰে জোনাইৰ চমকং হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক গৰাকীয়ে শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লোৱাৰ উপৰিও বানপীড়িত ৰাইজক যোগান ধৰা সাহাৰ্য সামগ্ৰী দেখি হতবাক হয় ৷ কিয়নো ৰাইজক সাহাৰ্যৰ নামত প্ৰদান কৰা হৈছে নিম্ন মানৰ সা-সামগ্ৰী ৷

বানাক্ৰান্তক সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বিধায়কৰ

অভিযোগ অনুসৰি,আশ্ৰয় শিবিৰত প্ৰশাসনে যোগান ধৰা নিম্নমানৰ সৰু তিৰপাল দেখি তদন্তৰ দাবী জনাইছে বিধায়ক গৰাকীয়ে ৷ বানাক্ৰান্তক ৮×২০ ফুটৰ তিৰপাল যোগান ধৰিব লাগে যদিও বানাক্ৰান্তক ৭×৮ ফুটৰ তিৰপাল যোগান ধৰাৰ অভিযোগ বিধায়ক গৰাকীৰ ৷ আনহাতে,চাউল,নিমখ,খোৱাপানী,তেল ম'ম আদি যোগানৰ ক্ষেত্ৰতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷

ইফালে,মঙলবাৰে জোনাইৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ জোনাইলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীৰ ওচৰত জোনাই মহকুমা প্ৰশাসনে বান সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

উল্লেখযোগ্য যে,বানাক্ৰান্তক যোগান ধৰা তিৰপাল এজাক বৰষুণতে ফাটি যোৱাৰ অভিযোগ ৷ পশুধনৰ বাবেও এই পৰ্যন্ত কোনো খাদ্য যোগান নধৰাৰ অভিযোগ ৰাইজৰ ৷ জানিব পৰা মতে,খাদ্যৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

ABOUT THE AUTHOR

...view details