অসম

assam

30 years of Miching Mimag Kebang : মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠা দিৱসত উদ্যমী খেতিয়কক সম্বৰ্ধনা

By

Published : Mar 28, 2023, 9:33 PM IST

Foundation day of Miching Mimag Kebang
মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠা দিৱস ()

জোনাইত দিনযোৰা কাৰ্যসূচীৰে মিচিং মিমাগ কেবাঙৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ 16 গৰাকী উদ্যমী খেতিয়কক সম্বৰ্দ্ধনা (Foundation day of Miching Mimag Kebang) ৷

মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠা দিৱস

জোনাই, 28 মাৰ্চ : 1993 চনৰ 28 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে ধেমাজি জিলাৰ জোনাইত প্ৰতিষ্ঠা হোৱা মুৰ্কংচেলেক কৃষ্টি ভৱন মিচিং মিমাগ কেবাঙে গৰকিলে 30 বছৰ । অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰ অন্যতম সংগ্ৰামী সংগঠন মিচিং মিমাগ কেবাঙৰ আজি 30 সংখ্যক প্ৰতিষ্ঠা দিৱসটি মিচিং মিমাগ কেবাং জোনাই জিলা সমিতিয়ে জোনাই টাউন ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে । পুৱা 8.50 বজাত পতাকা উত্তোলন কৰে এম এম কে, জোনাই জিলা সমিতিৰ সভাপতি মিগাং বীকান্ত পেগুৱে ৷ পেগুক সহযোগিতা আগবঢ়ায় প্ৰতিটো আঞ্চলিক সমিতিৰ সভাপতিসকলে (Foundation day of Miching Mimag Kebang) ।

পুৱা 9 বজাত স্মৃতি তৰ্পণ কৰে এম এম কেৰ কেন্দ্রীয় কমিটীৰ সদস্য মিগাং মুক্তিনাথ পেগুৱে ৷ ইয়াৰ পিচতে পূৱ জোনাই এমবিকেৰ সভাপতি তথা জিলা সমিতি ও জিলা পৰিষদৰ সদস্য মিগাং অতুল পেগুৱে উদ্বোধন কৰা সভা সঞ্চালনা কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা এম এম কেৰ উপ-সভাপতি মিগাং নৰেশ কুম্বাঙে ৷

মিচিং মিমাগ কেবাঙৰ 30 বছৰ গৰকা পৱিত্ৰ ক্ষণত কেবাঙৰ সকলো প্ৰাক্তন অগ্ৰজ আৰু সংগ্রামী সতীৰ্থসকলক আন্তৰিক কৃতজ্ঞতা জনায় কুম্বাঙে ৷ লগতে অনাগত দিনবোৰত এক সুন্দৰ প্ৰগতিশীল গণতান্ত্রিক সমাজ ব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে ঐক্যৱদ্ধ হৈ কাম কৰি যাবলৈ তেওঁ আহ্বান জনায় (30 years of Miching Mimag Kebang)।

আজিৰ সভাতে জোনাই মহকুমাটোৰ গাহৰি পালক, কাঠফুলা খেতি, পান খেতি, নেমু খেতি, মীনপালক, ধান খেতিকে ধৰি বিভিন্ন খেতিৰ যোগেদি স্বাৱলম্বী হোৱা 16 গৰাকী উদ্যমী খেতিয়কক সম্বৰ্দ্ধনা জনোৱা হয় ৷ দুপৰীয়া 11.30 বজাত আত্মনিৰ্ভৰশীল সমাজ গঢ়া শীৰ্ষক এক কর্মশালা অনুষ্ঠিত কৰা হয় ৷ মিচিং জাতীয় সংগঠনৰ শতাধিক কৰ্মী উপস্থিত থকা উক্ত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জোনাই মহকুমা পশু চিকিৎসা বিষয়া, মিগাং বিনোদ কছাৰী, জোনাই মহকুমা উদ্যোগ আৰু বাণিজ্য বিভাগৰ,সহকাৰী সঞ্চালক, মিগাং প্রসেনজিৎ বৈশ্য, জোনাই মহকুমা কৃষি বিষয়া কার্যালয় সহকাৰী পৰিদৰ্শক মিগাং ৰাজেন্দ্ৰ ক্ৰ’, জোনাই মহকুমা হস্ততাঁত ও বস্ত্র শিল্প কার্যালয়ৰ অধীক্ষক মিগাং ৰমেন গোস্বামী (16 enterprising farmers honored by Miching Mimag Kebang) ৷

ইয়াৰ লগতে, জোনাই মহকুমা মীন বিষয়া মিমৌ লিজা হাজৰিকা উপস্থিত থাকে অনুষ্ঠানটোত ৷ টাকাম মিচিং পৰিণ কৌবাঙৰ সভাপতি, মিগাং ৰাজকুমাৰ মৰাং, টাকাম মিচিং মিমৌ কৌবাঙৰ সভানেত্রী মিমৌ গীতাঞ্জলি বৰিয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত ৷ 30 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Gamocha controversy in Assam : দুডোখৰীয়া গামোচা প্ৰৱৰ্তনৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details