অসম

assam

ভগা ছিগা বাঁহৰ সাঁকোৰে অভিলেখ

By

Published : Sep 11, 2022, 11:23 AM IST

বছৰ বছৰ ধৰি ভগা-ছিগা বাঁহৰ সাঁকোৱে একমাত্ৰ ভৰসা জোনাইৰ ৰামধন-দিখাৰী পঞ্চায়তৰ ৰাইজৰ (Jonai bamboo bridge)। যাতায়াতৰ নামত হাৰাশাস্তি ভুগিছে ১১ খনৰো অধিক গাঁৱৰ সাধাৰণ লোক, ছাত্ৰ-ছাত্ৰীসকলে । জনপ্ৰতিনিধিৰ প্ৰতি মোহভংগ হৈছে ৰাইজৰ ।

Jonai
ভগা ছিগা বাঁহৰ সাঁকোৰে অভিলেখ

জোনাই,১১ ছেপ্টেম্বৰ :দেশে স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰ অতিক্ৰম কৰিলে (75th independence day of India)। চৰকাৰে এই শুভক্ষণত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) দৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিলে । চৰকাৰে চাৰিওফালে উন্নয়নৰ জয়গান গোৱা দেখা গ'ল । চৰকাৰৰ নেতা-মন্ত্ৰীৰ মুখত কেৱল উন্নয়নৰ শ্ল'গান । কিন্তু সঁচাকৈয়ে উন্নয়ন হৈছে নে ?

ভগা ছিগা বাঁহৰ সাঁকোৰে অভিলেখ

বিগত সময়চোৱাত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে যদিও ধেমাজি জিলাৰ জোনাই অঞ্চলত সেই আঁচনিবোৰে কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই । বৰ্তমানৰ বিজ্ঞানৰ যুগতো নানান সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটো । এতিয়াও উন্নয়নৰ পোহৰ পৰা নাই ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰামধন-দিখাৰী পঞ্চায়তৰ এক বৃহৎ অঞ্চলত । বছৰ বছৰ ধৰি বানপানী, যোগাযোগৰ অসুবিধাকে ধৰি বিভিন্ন সমস্যাৰ মাজেৰে জীয়াই আছে অঞ্চলটোৰ ৰাইজে ।

প্ৰতিবছৰে বানে জুৰুলা কৰা বৃহত্তৰ অঞ্চলটোত কোনোধৰণৰ সুগম যাতায়তৰ ব্যৱস্থা নথকাৰ লগতে পথৰ ওপৰত কোনো ধৰণৰ পকী দলং নথকাত অঞ্চলটোৰ ৰাইজে চৰম যাতনা ভুগি আহিছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰামধন-দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ আৰু ২ নং উলুৱনী, জামুগুৰী, উলুৱনী জয়পুৰ, উলুৱনী মাজগাঁও, লংকা, মলান, নলাপাৰা, পাট্ৰিগুৰী, বিষ্ণুপুৰ আদিকে ধৰি প্ৰায় ১১ খনৰো অধিক গাঁৱৰ মাজেদি যোৱা বিধ্বস্ত পথৰ ওপৰত আছে ২০ খনৰো অধিক জৰাজীৰ্ণ বাঁহৰ সাঁকো (Bamboo bridge in Jonai)।

পথৰ ওপৰত এখনো পকী দলং নথকাত বাৰিষাৰ কথাতো বাদেই, খৰালিটো যাতায়তৰ ৰাইজৰ একমাত্ৰ ভৰষা হৈছে সেই বাঁহৰ সাঁকো আৰু নাও (Transportation by bamboo bridge)। শোচনীয় বাট-পথৰ বাবে কোনোধৰণৰ বাহন কিম্বা ১০৮ সেৱাৰ এম্বুলেঞ্চ এখনো আহিব নোৱাৰে অঞ্চলটোলৈ (Poor transportation system in Jonai)। যাৰ বাবে ৰোগীক চিকিৎসালয়লৈ ভাৰ বান্ধি বা নাৱেৰেহে নিব লাগে ।

বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে এই সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও আজিলৈ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । নিৰ্বাচন আহিলেই অঞ্চলটোত জনপ্ৰতিনিধি উপস্থিত হৈ ভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পাছত সকলো পাহৰি যায় জনপ্ৰতিনিধিয়ে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ ।

লগতে পঢ়ক :দলং ভাঙি ঘাইপথত বাগৰিল আলুভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details