অসম

assam

Erosion by Debing river:দেবিং নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজানবাসী ৰাইজৰ

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:05 PM IST

জোনাইৰ ৰাজাখানা-দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বালিজানলৈ ৷ চৰকাৰক প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ৷

erosion by debing river affects balijan at jonai
দেবিং নদীৰ ভয়ংকৰ খহনীয়া

দেবিং নদীৰ ভয়ংকৰ খহনীয়া

জোনাই, ২৬ আগষ্ট :জোনাইৰ বিভিন্ন অঞ্চল এতিয়াও বান আৰু গৰখহনীয়াৰ কৱলত ৷ এটা এটা দিন ৰাইজে ভয় আৰু শংকাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে জোনাইৰ বহুতো অঞ্চলত ৷ ৰাজাখানা-দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বালিজান অঞ্চললৈ ৷ দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে বালিজানবাসী ৰাইজৰ ।

ঘৰ বাৰী, খেতি-পথাৰ,বাট-পথ, মূল্যৱান গছ-গছনি জাহ গৈছে দেবিং নদীৰ বুকুত ৷ জানিব পৰা মতে জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিজান অঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা ৰাজাখানা দেবিং নদীয়ে বিগত প্ৰায় দহ বছৰৰ পৰা অব্যাহত থকা ভয়ংকৰ খহনীয়াই অঞ্চলটোলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷

প্ৰতি বছৰে নদীখনৰ তীব্ৰ গৰাখহনীয়াত জাহ গৈছে বালিজান গাঁৱৰ বহু পৰিয়ালৰ সপোনৰ ঘৰখন । সমান্তৰালকৈ নদীখনৰ খহনীয়াত জাহ গৈছে খেতি-পথাৰ, মূল্যৱান গছ-গছনিৰ লগতে একমাত্ৰ সদাব্যস্ত পথটোও ৷

ইফালে নদীখনৰ অব্যাহত থকা ভয়ংকৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে বালিজানৰ বহু পৰিয়ালৰ ৷ কাৰণ এনেদৰে নদীখনৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই বহু পৰিয়ালে খহনীয়াত ঘৰবাৰী হেৰুৱাই অচিৰেই অঘৰী হোৱাৰ পথত ৷ কিন্তু ইমানৰ পিচতো নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল চৰকাৰ কিম্বা জলসম্পদ বিভাগ অথবা জনপ্ৰতিনিধিক ৷

শনিবাৰে দিনৰ ১ বজাত সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী-জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক আৰু সাংসদগৰাকীক নদীখনৰ খহনীয়াৰ শীঘ্ৰেই স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি বালিজান অঞ্চলৰ ৰাইজৰ মাটি, ভেটি, জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ দাবী জনাইছে বালিজানবাসী ৰাইজে ৷

লগতে পঢ়ক :Flood at Jonai:জোনাইত ভদীয়া বানৰ সংহাৰীৰূপ

ABOUT THE AUTHOR

...view details