অসম

assam

Amrit Kalash Yatra : উৎসৱমুখৰ পৰিৱেশেৰে জোনাইত আৰম্ভ অমৃত কলহ যাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:57 PM IST

জোনাই সমষ্টিৰ কেমিজেলম, জোনাই, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ উদ্যোগতো দেওবাৰে অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জোনাই গাঁও পঞ্চায়তে জোনাইৰ সদৰত আয়োজন কৰা অমৃত কলহ যাত্ৰাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে ৷

Amrit Kalash Yatra Begins in Jonai
অমৃত কলহ যাত্রা

জোনাইত অমৃত কলহ যাত্ৰা আৰম্ভ

জোনাই, ২৪ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'মোৰ মাটি মোৰ দেশ ' কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্রা ৷ সমান্তৰালভাৱে জোনাই সমষ্টিৰ কেমিজেলম, জোনাই, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ উদ্যোগতো দেওবাৰে মোৰ মাটি মোৰ দেশ শীৰ্ষক কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়।

জোনাই সমষ্টিৰ অন্তৰ্গত জোনাই গাঁও পঞ্চায়তে জোনাইৰ সদৰত আয়োজন কৰা অমৃত কলহ যাত্ৰাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে ৷ সাংসদ গৰাকীয়ে জোনাইত এই যাত্ৰাৰ শুভাৰম্ভ কৰে ৷ আনহাতে জোনাই সমষ্টিৰ অন্তৰ্গত কেমিজেলম গাওঁ পঞ্চায়তে দেওবাৰে মূৰ্কংচেলেক মৃৰং ঘৰত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে ৷ পঞ্চায়তখনৰ ১০ নং ৱাৰ্ডত আয়োজন কৰা এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৱে ৷

কেমিজেলম পঞ্চায়তে ১০ নং ৱাৰ্ডৰ মূৰ্কংচেলেক মৃৰং ঘৰৰ পৰা অনুষ্ঠিত কৰা অমৃত কলহ যাত্ৰাত দুই শতাধিক লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে ৷ ইফালে শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণেৰে ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তে আনুষ্ঠিত কৰা অমৃত কলহ যাত্ৰাত ২নং চিৰামপুৰীয়া গাঁৱৰ নামঘৰ প্ৰাংগনত কণ কণ শিশুসকলে স্বদেশ প্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন কৰে ৷ পঞ্চায়তটোৰ অন্তৰ্গত ৰাংকপ দেউৰী গাঁৱৰ সাৰ্বজনীন নামঘৰ প্ৰাংগনৰ পৰা মাংগলিক ৰীতি-নীতিৰে আৰম্ভ কৰা এই অমৃত কলহ যাত্ৰাত প্ৰতিটো পৰিয়ালৰ পৰা মাটি সংগ্ৰহ কৰা হয় ৷

এই অনুষ্ঠানত জোনাইৰ মহকুমাধিপতি শান্তনু গগৈকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া, কেমি জেলম গাঁও পঞ্চায়তৰ সভানেত্ৰী বিনা কুম্বাং, মূৰ্কংচেলেক গাৱঁৰ গাঁওপ্ৰধান গিৰিণ কুম্বাং, লগতে কেমি জেলম পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যা, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তথা সচিৱ লক্ষ্মীনাথ দলে, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইট, পঞ্চায়তটোৰ সচিব পিজু কাৰ্দ্দং, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ ট্ৰাইবেল সংঘৰ সভাপতি যুগল দলে, ২নং চিৰামপুৰীয়া গাঁৱৰ গাঁও প্ৰধান মালাৰাম দলে, ৱাৰ্ড সদস্য নাহেন্দ্ৰ কুলি, জোনাই আনে বিল্লাম বাংকে সমিতিৰ সদস্য অশ্বিনী দলেৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :Death anniversary of Piyali Phukan : আজিও উপেক্ষিত হৈ ৰ’ল স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জীউৰাম

ABOUT THE AUTHOR

...view details