ETV Bharat / state

Death anniversary of Piyali Phukan : আজিও উপেক্ষিত হৈ ৰ’ল স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জীউৰাম

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 3:44 PM IST

আজি শ্বহীদ পিয়লি ফুকনৰ 193 সংখ্যক মৃত্যু দিৱস ৷ আজিও উপক্ষিত পিয়লি আৰু জীউৰাম ৷ ৰংপুৰ প্ৰাচীন কীর্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শ্বহীদৰ প্রতিমূর্তিত জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি ৷

Death anniversary of Piyali Phukan
শ্বহীদ পিয়লি ফুকনৰ 193 সংখ্যক মৃত্যু দিৱস

শ্বহীদ পিয়লি ফুকনৰ 193 সংখ্যক মৃত্যু দিৱস

শিৱসাগৰ, 24 ছেপ্টেম্বৰ: শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াৰ 193 সংখ্যক মৃত্যু তিথি উপলক্ষে দেওবাৰে শিৱসাগৰৰ ৰংপুৰ প্ৰাচীন কীর্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শিৱসাগৰত শ্বহীদ স্মৃতি দিৱস পালন কৰে । এই উপলক্ষে শিৱসাগৰ বৰপুখুৰীৰ উত্তৰ-পূব কোণত অৱস্থিত শ্বহীদ পিয়লি ফুকন উদ্যানত শ্বহীদজনৰ প্রতিমূর্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলিৰ লগতে মৈদামত তৰ্পণ প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, সুদীৰ্ঘ 193 বছৰ পূৰ্বে আজিৰ দিনটোতে ঐতিহাসিক শিৱসাগৰৰ বৰ পুখুৰীৰ উত্তৰ পূব দিশত ফাঁচী দিয়া হৈছিল পিয়লি ফুকন আৰু জীউৰাম দুলীয়া ফুকনক । পিয়লি ফুকনৰ পিতৃ বদন বৰফুকনে মান সেনা আনি অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বাট মুকলি কৰিছিল ।

কিন্তু সেই বদনৰ পুত্ৰ পিয়লিয়ে ব্রিটিছক অসমৰ পৰা বিতাড়িত কৰিবৰ বাবে আৰম্ভ কৰিছিল এক স্বাধীনতা সংগ্ৰামৰ । শাৰীৰিক বাধাগ্ৰস্ততা স্বত্বেও মানসিকভাৱে শক্তিশালী পিয়লি ফুকন আছিল দেশপ্রেমী । দুহাতত পেং লৈ এখন স্বাধীন অসমৰ সপোন ৰচিছিল পিয়লি ফুকনে ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা ওফৰাই পেলোৱাৰ অভিযান আৰম্ভ কৰিছিল । কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰংপুৰৰ কোম্পানীৰ বেৰেক আৰু খাৰঘৰত জুই দিছিল পিয়লিৰ লগতে তেওঁৰ সহযোগীয়ে । ব্ৰিটিছৰ ৰোষত পৰিছিল পিয়লি বাহিনী । ব্রিটিছে মূল অভিযুক্ত হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী আৰু তেওঁৰ সহযোগীসকলক কাৰাবাস দিয়াৰ সিদ্ধান্ত লৈছিল ।

সেই মৰ্মে 1830 চনৰ 24 ছেপ্টেম্বৰৰ দিনা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পূৱ উত্তৰ কোণত পিয়লি আৰু আৰু জীউৰামক ফাঁচী দিয়া হৈছিল ।সময়ৰ হিচাপত অসম তথা ভাৰতবৰ্ষৰ প্রথম শ্বহীদ হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া যদিও ভাৰতৰ ইতিহাসে তেওঁলোকক এই মৰ্যাদা নিদি ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদৰূপে 1857 চনৰ চিপাহী বিদ্ৰোহৰ শ্বহীদ মংগল পাণ্ডেক এই স্বীকৃতি প্ৰদান কৰি আহিছে । মৃত্যুৰ পিছতো স্বীকৃতিৰ পৰা বঞ্চিত হৈ থকা প্ৰসংগ উল্লেখ কৰি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে এই ক্ষেত্ৰত অসম চৰকাৰক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ।

এই উপলক্ষে শ্বহীদ পিয়লি ফুকন উদ্যানত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰবীণ শৰ্মাই পিয়লি আৰু জীউৰামৰ ইতিহাস সামৰি অসমৰ পৰা আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰাম সম্পৰ্কে বক্তৃতা প্ৰদান কৰে । অনুষ্ঠানত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি উমেশ গগৈ, বিশিষ্ট বাওঁ নেতা ধৰ্ম বৰুৱা, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ লগতে ৰঙাচিলা বৰুৱা (পিয়লি পৰিয়াল) পৰিয়ালৰ উত্তম বৰুৱাকে ধৰি ভালে মান গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Narcotic substances seized: সৰবৰাহকাৰীসহ কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.