জোনাই, ২৩ অক্টোবৰ: চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Solar light scam in Assam)। এনে অভিযোগ উত্থাপিত হৈছে জোনাইত । এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ ক্ষুব্ধ ৰাইজে দাবী জনাইছে ।
ধেমাজি জিলাৰ জোনাইৰ এটি বেচৰকাৰী সংস্থাই সৌৰ চাকি দিয়াৰ নামত দুখীয়া পৰিয়ালৰ পৰা লাখ লাখ ধন সংগ্ৰহৰ (Allegation of scam in Solar lamp at Jonai) অভিযোগ উত্থাপিত হৈছে । সংস্থাটোৰ স্বত্বাধিকাৰী তথা জে বি একাডেমিৰ অধ্যক্ষ ৰাজু চৌধুৰীৰ বিৰুদ্ধে উঠিছে এই ধন সংগ্ৰহৰ অভিযোগ ।
উল্লেখ্য় যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতে জেবি ডেভেলপমেণ্ট ট্ৰাষ্ট (Scam of JB Development Trust in Solar lamp) নামৰ বেচৰকাৰী সংস্থাটোৰ স্বত্বাধিকাৰী ৰাজু চৌধুৰীয়ে নৈপৰীয়া দুখীয়া শ শ পৰিয়ালৰ পৰা সৌৰ চাকি দিয়াৰ নামত ৫৫০ টকাকৈ সংগ্ৰহ কৰে । এই সংস্থাটোৰ স্বত্বাধিকাৰী ৰাজু চৌধুৰীয়ে এমাহৰ ভিতৰতে সৌৰ চাকি যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজি এবছৰ উকলি যোৱাৰ পিছতো সৌৰ চাকি যোগান ধৰা নাই । সেয়েহে জাঙুৰ খাই উঠিছে ভুক্তভোগী ৰাইজে ।