অসম

assam

Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

By

Published : Feb 11, 2023, 12:12 PM IST

Updated : Feb 11, 2023, 2:21 PM IST

ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত পথ দুৰ্ঘটনা । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ (92nd Srimanta Sankaradeva Sangha Annual Conference) ৷ কথমপি প্ৰাণৰক্ষা ৪০ জন যাত্ৰীৰ ৷

Road accident in Dhemaji
ধেমাজিত দুৰ্ঘটনাগ্ৰস্থ বাছ

শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

জোনাই, 11 ফেব্ৰুৱাৰী :ধেমাজি জিলাৰ জোনাইত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এখন বাছ (Road accident in Dhemaji) ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ আৰু হচং পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন । এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাছখন আহি থকা অৱস্থাতে আদবাটতে দুৰ্ঘটনাগ্ৰস্ত হয় ৷

বাছখনত প্ৰায় 80 গৰাকী লোক আছিল বুলি স্থানীয় সূত্ৰত প্ৰকাশ ৷ বাহনখনে প্ৰথমে পথৰ দাঁতিত থকা গাৰ্ড পোষ্টত খুন্দা মাৰে আৰু গাৰ্ড পোষ্ট ভাঙি সমীপৰ নৰ্দমাত সোমায় ৷ দুৰ্ঘটনাটোৰ ফলত সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও যাত্ৰী ৷ অৱশ্যে গুৰুতৰভাৱে কোনো লোক আহত হোৱা নাই বুলি জানিবলৈ পৰা গৈছে (92nd Srimanta Sankaradeva Sangha Annual Conference) দোকমোকালিতে হোৱা দুৰ্ঘটনাটোৰ ফলত পথৰ সমীপৰ তিনিখন দোকান ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ পৰা গৈছে ৷

দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ AS-12-AC-2463 ৷ উল্লেখ্য যে, 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা 92 সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ আজি হ’ল দ্বিতীয়টো দিন ৷ প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাও জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত দৰ্শক-ভক্তৰ লানি নিছিঙা ভিৰ পৰিলক্ষিত হৈছে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশ ঘটা দেখিবলৈ পোৱা গৈছে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত (92nd Srimanta Sankaradeva Sangha Annual Conference) ৷

পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে 92 সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ ৷ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী তৰালি শৰ্মা (Singer Tarali sarma)ৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ । লগতে পুৱাৰে পৰা অনুষ্ঠিত হোৱা সাহিত্য শাখা সমিতিৰ অধিৱেশনত মুখ্য অতিথি হিচাপে অধ্যাপক জগদীশ মুখী (Governor Jagdish Mukhi) , বিশেষ সন্মানীয় অতিথি হিচাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়ৰ লগতে বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

Last Updated :Feb 11, 2023, 2:21 PM IST

ABOUT THE AUTHOR

...view details