অসম

assam

Protest against Tea factory:ধেমাজিত কৃষ্ণ চাহ উদ্যোগৰ বিৰুদ্ধে গৰজি উঠিল আছু

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:48 PM IST

ধেমাজিৰ ডিমৌত নতুনকৈ গঢ় লৈ উঠা কৃষ্ণ চাহ উদ্যোগ প্ৰতিষ্ঠানত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰা,কেঁচাপাতৰ উচিত মুল্য প্ৰদান নকৰাক লৈ আছুৰ তীব্ৰ অভিযোগ । সমস্যা সমাধানৰ আহব্বান কৃষ্ণ চাহ উদ্যোগৰ স্বত্বাধিকাৰীক ।

Dimau Students Union protest in Dhemaji
ধেমাজিত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰাৰ অভিযোগ

ধেমাজিত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰাৰ অভিযোগ

জোনাই, ২৫ আগষ্ট:ধেমাজি জিলাৰ চিলাপথাৰ ডিমৌ নাহৰনি বালিজানত নতুনকৈ স্থাপিত কৃষ্ণ চাহ উদ্যোগ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ লগতে শ্ৰমিক আৰু ছাত্ৰ সন্থা । প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিতৰ অভিযোগত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল চিলাপথাৰৰ কৃষ্ণ চাহ উদ্যোগ । চাহ শ্ৰমিকক চূড়ান্ত শোষণ,বঞ্চনা কৰি অহা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ইয়াৰ শ্ৰমিকসকলে । শ্ৰমিকে শ্ৰমিকক শোষণ নীতি বন্ধ কৰাৰ লগতে শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰা,উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰাৰ দাবী জনাইছে । ফেক্টৰীৰ পৰা নিৰ্গত লেতেৰা মলসমূহ কাষতে বৈ থকা জবা নদীত মুকলি কৰি দি নৈখনৰ পানী দূষিত কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

ৰাইজৰ লগতে শ্ৰমিক আৰু ছাত্ৰ সন্থাই কয় যে কৃষ্ণ চাহ উদ্যোগৰ কৰ্তৃপক্ষই নিজ মইমতালিৰে কেচাঁপাতৰ উচিত মূল্য প্ৰদান কৰা নাই । তদুপৰি শ্ৰমিক আইন নামানি শ্ৰমিকক ১ ঘন্টাৰ বাবদ মাথো ৩০ টকা প্ৰদান কৰা বুলি অভিযোগ উঠিছে । ইপিনে,ৰাইজে বাৰম্বাৰ কাকুতি মিনতি কৰাৰ পিছতো ফেক্টৰীৰ পৰা নিৰ্গত লেতেৰা মলসমূহ কাষতে বৈ থকা জবা নদীত মুকলি কৰি দি নৈখনৰ পানী দূষিত কৰিছে । তদুপৰি য'তে ত'তে মেচিনৰ পৰা নিৰ্গত লেতেৰা মল আদি এৰি দিয়াত ফেক্টৰীৰ আশে-পাশে থকা সেউজীয়া ধাননি পথাৰবোৰ হালধীয়া বৰণৰ ৰূপ লোৱা বুলি অভিযোগ তুলিছে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ৷

ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই উল্লেখ কৰি কয় যে মুকলি কৰি দিয়া ম’লৰ ফলস্বৰূপে উক্ত পানী সেৱন কৰি বহু পশুধন ৰোগত পৰি মৃত্যুৰ দৰে ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ তুলিছে ৷ ঘটনাটোক লৈ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ফেক্টৰীৰ চৌহদত অৰ্ধ শতাধিক সংগঠনটোৰ কৰ্মীয়ে একত্ৰিত হৈ ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷

তদুপৰি পিছপৰা গাঁওখনৰ মাজৰ পথটোৱেদি ফেক্টৰীৰ বৃহৎ বৃহৎ আকাৰৰ বাহন প্ৰৱেশ কৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত মাজে সময়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি তীব্ৰ অভিযোগ তুলি ইয়াৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বত্বাধিকাৰীক আহব্বান জনাইছে ৷ অন্যথা পৰবৰ্তী সময়ত ৰাইজৰ সহযোগত গনতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক:Banned on plastic water bottles : ৰাজ্যত নিষিদ্ধ ১০০০ মিঃলিঃৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ তথা ব্যৱহাৰ

ABOUT THE AUTHOR

...view details